সম্প্ৰতি নিশাৰ ভাগত কয়লা বাহনৰ দৌৰাত্ম্য। প্ৰাপ্ত তথ্য মতে, দ্ৰুতগতিত আহি থকা AS-10-C-9827
নম্বৰৰ ১৬ চকীয়া কয়লা ভৰ্তি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ পকী দেৱাল ভাঙি মহতীয়াই নিয়ে দুখনকৈ বাহন। বুধবাৰে নিশাৰ ভাগত মাৰ্ঘেৰিটাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত গেৰেজত ৰখাই থোৱা ২টা পৰিয়ালৰ দুখন বাহন ক্ষতিগ্ৰস্ত হয় । দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ লগতে হেণ্ডিমেনজন। জানিব পৰা মতে, ক্ষতিগ্ৰস্ত পৰিয়াল দুটা উত্তৰ-পূব কয়লাক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কৰ্মচাৰী।