ঠাণ্ডা দিনত আপুনি নিজকে কেনেদৰে যত্ন লব । ঠাণ্ডা দিনকেইটাত আপোনাৰ গাৰ বিষ হয় নেকি ? ইয়াৰ পৰা আপুনি কেনেদৰে পৰিত্ৰাণ পাব । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

শীতৰ প্ৰকোপ বঢ়াৰ লগে লগে আমাৰ শৰীৰৰ ৰক্তসঞ্চালন প্ৰক্ৰিয়া ধীৰ হয় । গাৰ পৰা অধিক তাপ ওলাই যোৱাত বাধা প্ৰদান কৰিবৰ বাবে ছাল, হাত, ভৰি আদি অংগলৈ তেজ চলাচলৰ পৰিমাণ কমি যায় । ফলস্বৰূপে হাত আৰু ভৰিৰ মাংসপেশী আৰু গাঁঠিসমূহ কম অক্সিজেনৰ পৰিৱেশ এটাৰ মুখামুখী হয়- যিয়ে সেই অংশবোৰত বিষৰ অনুভৱ কৰায় । গাঁঠিবোৰ আগুৰি থকা কোমল কলাসমূহৰ নমনীয়তা ঠাণ্ডা পৰিৱেশত কমি আহে, ফলত গাঁঠিবোৰ তুলনামূলকভাৱে কঠিন আৰু দৃঢ় যেন হয়- যিয়ে বিষৰ মাত্ৰা বঢ়াই তোলে । শীতকালীন ফ্লু আদি কিছুমান ভাইৰাছৰ সংক্ৰমণ বেছি হ’ব পাৰে । এইধৰণৰ ভাইৰাছৰ সংক্ৰমণে মাংসপেশী আৰু গাঁঠি আদিত প্ৰতিক্ৰিয়ামূলক প্ৰদাহৰ সৃষ্টি কৰে, যিয়ে বিষ অনুভৱ কৰোৱায় । ফলত পূৰ্বে কোনোধৰণৰ বিষৰ সমস্যাত নোভোগা লোকেও বিষৰ সমস্যাৰ মুখামুখী হয়। এনে ভাইৰাছ সংক্ৰমণৰ প্ৰতিক্ৰিয়াজনিত বিষ সচৰাচৰ দীৰ্ঘস্থায়ী নহয় আৰু সময়ত নিজে নিজে ভাল হৈ যায় । অৱশ্যে কেতিয়াবা মাহ- দিনলৈ এনে বিষ থাকিব পাৰে । চেঁচা পৰিৱেশৰ মুখামুখী হ’লে কিছুমান ব্যক্তিৰ হাত আৰু ভৰিৰ আঙুলিৰ ৰক্তপ্ৰৱাহী নলিকাবোৰ নিজে নিজে চেপা খাই বা কোঁচ খাই পৰে । এই অৱস্থাটোকে ৰে’নওড্‌ছ পৰিঘটনা বুলি কোৱা হয় । ৰক্তপ্ৰৱাহী নলিকা চেপা খাই পৰাৰ ফলত আঙুলিলৈ স্বাভাৱিক তেজ চলাচল ব্যাঘাতপ্ৰাপ্ত হয় । সংশ্লিষ্ট এলেকা প্ৰথমে শেঁতা পৰি পিছলৈ নীলা বৰণীয়া হ’ব ধৰে আৰু তীব্ৰ বিষ অনুভৱ হয় । পুৰুষতকৈ নাৰীৰ প্ৰায় পাঁচগুণ অধিক হাৰত এই পৰিঘটনা হোৱা দেখা যায় ।

ঠাণ্ডাৰ প্ৰত্যক্ষ প্ৰভাৱত শৰীৰৰ কঁকাল, ডিঙি, উৰুত, কলাফুল, বাউসি আদি বিভিন্ন অংশৰ মাংসপেশী সংকোচনৰ ফলত সিৰামুৰি দি ধৰিব পাৰে আৰু বিষ অনুভৱ হয় । মুৰৰ বিষৰ প্ৰাদুৰ্ভাৱো শীতকালি কিছু বেছিকৈ হোৱা পৰিলক্ষিত হয় । মূৰৰ বিভিন্ন মাংসপেশী বিশেষকৈ লাওখোলা সংলগ্ন আৰু লাওখোলাৰ পাছফালে লাগি থকা ডিঙিৰ মাংসপেশীৰ শীতজনিত সংকোচনৰ ফলত মূৰ বিষাব পাৰে। মূৰৰ বিষৰ লগতে ডিঙিৰ বিষ আৰু ডিঙিটো লৰচৰ কৰিব নোৱাৰাকৈ টানি ধৰিব পাৰে । শীতজনিত গাৰ বিষৰপৰা উপশম পোৱাৰ বাবে প্ৰথম কৰণীয় হ’ল শৰীৰটো স্বাভাৱিকভাৱে উমাল কৰি ৰখা । শৰীৰৰপৰা অধিক মাত্ৰাত তাপ ওলাই যোৱা ৰোধ কৰিবলৈ উচিত ধৰণে শৰীৰটো কাপোৰেৰে আৱৰি ৰাখিব লাগে । গা অংশৰ উপৰি মণিবন্ধ, ভৰিৰ সৰু গাঁঠি আৰু হাত-ভৰিৰ আঙুলি ঢকাকৈ উপযুক্ত মোজা তথা মূৰত উপযুক্ত টুপী পৰিধান কৰিব লাগে । ঠাণ্ডা বুলি সকলো সময়তে শুই আৰু বহি কটাব নালাগে । পৰ্যাপ্ত শাৰীৰিক পৰিশ্ৰম আৰু ব্যায়ামে কেলৰি পুৰি তাপ উৎপাদন কৰাৰ উপৰি ৰক্তসঞ্চাৰণ ত্বৰান্বিত কৰি ৰাখে।