ৰাজ্যবাসীৰ বাবে সুখবৰ ।অচিৰেই কামৰূপ জিলাৰ আমিনগাঁৱত স্থাপন হ’ব জাপান চৰকাৰৰ উদ্যোগত কাৰিকৰী প্ৰশিক্ষণ কেন্দ্ৰ ।অসমৰ যুৱক যুৱতীক জাপানত নিয়োগৰ দুৱাৰ মুকলি ।জাপানীজ ভাষাৰ লগতে যুৱক যুৱতী সকলক বিভিন্ন কাৰিকৰী দিশত প্ৰদান কৰা হব প্ৰশিক্ষণ।আমিনগাঁৱৰ পৰ্যটন বিভাগৰ নব নিৰ্মিত ভৱনত মুকলি কৰা হব।

এই প্ৰশিক্ষণ কেন্দ্ৰ।আজি জাপানৰ হাউচ অব ৰিপ্ৰেজেণ্টেটিভৰ স্পিকাৰ NUKAGA FUKUSHIRO সহ এটি প্ৰতিনিধিৰ দলে পৰিদৰ্শন কৰে আমিনগাঁৱত এই কেন্দ্ৰটো।মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংগ দিয়ে জাপানৰ উচ্চস্তৰীয় দলটোক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এয়া সম্ভৱ হৈছে বুলি মন্তব্য মন্ত্ৰী গৰাকীৰ।অসমৰ যুৱক যুৱতীৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।
