বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত মন্ত্ৰী পিষুজ হাজৰিকা ।২১ খন গাঁৱবাসীৰক প্ৰশংসা কৰা লগতে বাৰেকুৰি হলৌ সংৰক্ষণ পৰ্যবেক্ষণ স্থলিত উপস্থিত হয় । হলৌ সংৰক্ষণৰ বিষয়ে কিছু কথা অসম গৌৰৱ বঁটা প্ৰাপক দিপ্লৱ চুতীয়াৰ হৈতে বাৰ্তালাপ কৰে মন্ত্ৰী পিষুজ হাজৰিকাই ।

মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, দীৰ্ঘদিনৰ পৰা বাৰেকুৰিলৈ অহাৰ আশা আছিল যদিও অহাৰ সুবিধা হোৱা নাছিল আৰু আজি সেই সৌভাগ্য হোৱা বুলি উল্লেখ কৰে লগতে মৰাণ স্বায়ত্ত্বশাসিত পৰিষদৰ জৰিয়তেই আগন্তুক দিনসমূহত বাৰেকুৰি অঞ্চলটোত উন্নয়নৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সদৰি কৰে ৷