বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ শিক্ষা, কৰ্মজীৱন, শৈশৱ কেনেদৰে পাৰ হৈছিল ? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

ৰতন নৱাল টাটাই ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল । ৰতন টাটা দেশৰ ভিতৰতে ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালৰ সদস্য । ৰতন টাটা হৈছে ভাৰতৰ এজন উল্লেখযোগ্য ব্যৱসায়ী । ১৯৮১ চনত তেওঁ টাটা উদ্যোগৰ “ডাইৰেক্টৰ” হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছিল । ১৯৯১ চনত টাটা গ্ৰুপৰ “চেয়াৰমেন” পদত ৰতন টাটাক নিযুক্তি দিয়া হৈছিল । বিভিন্ন দেশ-বিদেশৰপৰা ৰতন টাটাই বিভিন্ন পুৰস্কাৰ, সন্মান, খ্যাতি আৰু স্বীকৃতি লাভ কৰিছে । ২০০০ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ আৰু ২০০৮ চনত পদ্মবিভূষণ উপাধিৰে বিভূষিত কৰিছে।

টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাক। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। তেওঁ ডাঙৰ-দীঘল হ’ব লগা হৈছিল এটা ভগ্ন পৰিয়ালত । ১৯৪০ চনৰ মাজভাগত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে । তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ সাত বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ । আইতাক লেডী নাৱালবাঈৰ লগত থাকিয়েই শৈশৱ পাৰ কৰিছিল।

ৰতন টাটাই মুম্বাইৰ কেম্পিয়ন স্কুলত শিক্ষাজীৱনৰ পাতনি মেলিছিল আৰু কেথেড্ৰ’ল এণ্ডজন ক’ন’ন স্কুলত স্কুলীয়া শিক্ষা সাং কৰিছিল । ১৯৬২ চনত কৰ্ণেল বিশ্ববিদ্যালয়ৰপৰা তেওঁ ষ্ট্ৰাকচাৰেল ইঞ্জিনিয়াৰিঙসহ আৰ্কিটেকচাৰত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৫ চনত হাৰ্ৱাৰ্ড বিশ্ববিদ্যালয়ৰপৰা ‘এডভাঞ্চড মেনেজমেণ্ট প্ৰগ্ৰাম’ পাঠ্যক্ৰম সমাপ্ত কৰিছিল।

ৰতন টাটা টাটা চন্সৰ অন্তৱৰ্তীকালীন অধ্যক্ষ আছিল । তেওঁ ভাৰত আৰু বিদেশৰ সংস্থাসমূহত বিভিন্ন পদবীত সেৱা আগবঢ়াই আহিছে । টাটা প্ৰধানমন্ত্ৰীৰ ‘বাণিজ্য আৰু উদ্যোগ পৰিষদ’আৰু ‘ৰাষ্ট্ৰীয় উৎপাদন প্ৰতিযোগিতা পৰিষদ’ৰো সদস্য । তদুপৰি তেওঁ প্ৰিট্জকাৰ আৰ্কিটেকচাৰ প্ৰাইজৰ জুৰী পেনেলত আছে, যিটো বিশ্বৰ অন্যতম প্ৰিমিয়াৰ আৰ্কিটেকচাৰ প্ৰাইজ হিচাপে গণ্য কৰা হয়। তেওঁ এলকোয়া ইনকৰ্পৰেশ্যন, মণ্ডেলেজ ইণ্টাৰনেশ্যনেল আৰু ইষ্ট–ৱেষ্ট চেণ্টাৰৰ ব’ৰ্ড অৱ গৱৰ্ণৰছৰ ব’ৰ্ডৰ সঞ্চালক আছিল । ইয়াৰ উপৰিও ৰতন টাটা ইউনিভাৰ্চিটি অৱ চাউথাৰ্ণ কেলিফৰ্ণিয়া, হাৰ্ভাৰ্ড বিজনেছ স্কুল ব’ৰ্ড অৱ ডিনছ এডভাইজাৰ্ছ, এক্স প্ৰাইজ আৰু কৰ্নেল ইউনিভাৰ্চিটিৰ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ সদস্য । টাটা ২০০৬ চনৰ পৰা হাৰ্ভাৰ্ড বিজনেছ স্কুল ইণ্ডিয়াৰ পৰামৰ্শদাতা ব’ৰ্ডৰ (আইএবি) সদস্য আৰু ইয়াৰ পূৰ্বে ২০০১–২০০৬ চনত হাৰ্ভাৰ্ড বিজনেছ স্কুল এছিয়া-পেচিফিক এডভাইজাৰী ব’ৰ্ডৰ (এপিএবি) সদস্যও আছিল। ২০১৩ চনত ৰতন টাটাএ Carnegie Endowment for International Peaceত নিযুক্তি লাভ কৰে। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত ৰতন টাটা-এ ভানি কোলাই প্ৰতিষ্ঠা কৰা ভেঞ্চাৰ কেপিটেল ফাৰ্ম কালাৰী কেপিটেলত পৰামৰ্শদাতাৰ ভূমিকা গ্ৰহণ কৰে ।

অৱশেষত আজি ২০২৪ চনৰ ৯ অক্টোবৰ তাৰিখে এইগৰাকী মানৱদৰদী , বিশিষ্ট উদ্যোগপতিয়ে শেষ নিশ্বাস ত্যাগ কৰে মুম্বাইৰ ব্রীছকেণ্ডি হাস্পতালত ।