• Home
  • অসম
  • মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা
Image

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা

মুকালমুৱাৰ হামলাকুৰত শোকাৱহ পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন,আহত এজন।
দুৰ্ঘটনাগ্ৰস্থ ট্ৰাক জলাই দিলে ক্ষুদ্ধ ৰাইজে।মুকালমুৱাৰ হামলাকুৰত আজি দুপৰীয়া এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। লোহাৰকাঠা-নলবাৰী সংযোগী পথত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত দুজন থিতাতে নিহত হোৱাৰ লগতে এজন গুৰতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য মতে এখন ট্ৰাক আৰু এখন দুচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় আছিক আলী আৰু ইনজামুল হক নামৰ দুই যুৱকৰ। লগতে চাহ আলম নামৰ এজনক চিকিৎসালয়ত ভৰ্তি কৰোৱাই। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে একাংশ ক্ষুদ্ধ ৰাইজে দুৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনত অগ্নিসংযোগ কৰে। আৰক্ষী প্ৰশাসন,অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।
দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰাক খনৰ নম্বৰ AS12E4788 আৰু দুচকীয়া বাহন খনৰ AS 01 DJ 07 41 বুলি জানিব পৰা গৈছে।

Releated Posts

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026

কাইলৈ গৰু বিহু

কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…

ByByMahesh Malakar Apr 13, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026
Scroll to Top