• Home
  • অসম
  • নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক
Image

নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

নলবাৰী ৰাসত স্মৰণ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক

আজি ৰাস পূৰ্ণিমাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাস মহোৎৱৰ।

ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰ ৰাস মহোৎসৱ, উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰত ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে ৰাস মহোৎসৱ। ৯২সংখ্যক ৰাস মহোৎসৱ উপলক্ষে ৯২খন পতাকা উত্তোলনেৰে আৰম্ভ হয় নলবাৰীৰ ৰাস মহোৎসৱ। ইয়াৰে হৰি মন্দিৰৰ মূল পতাকা উত্তোলন কৰে নলবাৰী হৰি মন্দিৰৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

ইয়াৰ পিছতে ৰাস মহোৎসৱৰ ৯২খন পতাকা উত্তোলন কৰা হয় ৯২গৰাকী জিলাখনৰ ভিন্ন অনুষ্ঠানৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিৰ দ্বাৰা। ইফালে সন্ধিয়া বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে আদৰি আনিব মুখ্য অতিথিসকলক। ৯২সংখ্যক নলবাৰী ৰাস মহোৎসৱৰ উদ্বোধন কৰিব বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড০ বাবুল চন্দ্ৰ দাসে

উল্লেখযোগ্য যে এইবাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন ৰাস মহোৎসৱ। প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি নলবাৰী ৰাস মহোৎসৱত জুবিন গাৰ্গলৈ জনাব বিশেষ শ্ৰদ্ধাঞ্জলি। প্ৰাণৰ শিল্পীগৰাকী ৫২ বছৰ বয়সত মহাপ্ৰয়াণ হোৱা হেতুকে এখন ৫২ফুট উচ্চতাৰ গীটাৰ সাজি উলিয়াইছে হৰি মন্দিৰ সমিতিয়ে। গীটাৰখনৰ ওপৰতে এটি বিশাল টুপিও সাজি উলিয়াইছে সমিতিয়ে।

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই দিলে এটা ভাল খবৰ

বাবু সকললৈ ভাল খবৰ ।২৬ফেব্ৰুৱাৰীৰ দিনটোত পুৱাভাগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এটা ভাল খবৰ। ৰাজ্যৰ যুৱকসকলক উদ্দেশ্যি…

ByByMahesh Malakar Feb 26, 2026

বিজেপি পৰিয়ালকেন্দ্ৰিক দল নহয় বুলি তিতাবৰত কংগ্ৰেছক কটাক্ষ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা ৰাইজৰ আৰ্শীবাদ ল’বলৈ ওলাব বিজেপি প্ৰাৰ্থী ।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি দিলীপ শইকীয়াৰ…

ByByMahesh Malakar Feb 26, 2026

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026
Scroll to Top