• Home
  • অপৰাধনামা
  • ৰঙিয়াত ৱেব চিৰিজ কিডনেপৰ শুভ মুক্তি অনুষ্ঠান সম্পন্ন

ৰঙিয়াত ৱেব চিৰিজ কিডনেপৰ শুভ মুক্তি অনুষ্ঠান সম্পন্ন

সঙ্গীত গ্ৰুপ অফ‌্ ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত ৱেব চিৰিজ কিডনেপৰ শুকুৰবাৰে নিশা ৰঙিয়াত শুভ মুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ৰঙিয়া প্ৰেছ ক্লাবত সন্ধিয়াৰ ভাগত তদুপলক্ষে আয়োজিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৱেব চিৰিজখনৰ প’ষ্টাৰৰ আনুষ্ঠানিকভাবে উন্মোচন কৰে সাংস্কৃতিক কৰ্মী অঞ্জন দাস, কামৰূপ জিলা পৰিষদৰ অধ্যক্ষ নিপন ভূঞাই । পৰিচালক পঙ্কজ পল্লৱ শৰ্মাই আত ধৰা অনুষ্ঠানটিত সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, কৃতি শিক্ষক জয়ন্ত কুমাৰ শৰ্মা, সাংস্কৃতিক কৰ্মী বিনোদ ৰাজবংশী প্ৰমুখ্যে আন কেবাগৰাকীও বিশিষ্ট ব্যাক্তিয়ে অ্ংশগ্ৰহণ কৰে। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক তাপস চমাদ্দাৰ ,নছিউৰ ৰহমান ৰঙিয়া প্ৰেছ ক্লাবৰ সম্পাদক ফাৰুক হুছেইন, সহকাৰী সম্পাদক ভাস্কৰ কলিতাৰ লগতে ময়নুল হক ,সৰু খান প্ৰমুখ্যে সংবাদ কৰ্মী সকল উপস্থিত থাকে।উল্লেখ্য যে ৱেব চিৰিজ খনি সাংস্কৃতিক পৰিক্ৰমা ইউ টিউব চেনেল যোগে উপলব্ধ হ’ব।

Releated Posts

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন। ৫জনীয়া লোক অধিবক্তাক লৈ গঠন কৰা হৈছে টীম। টীমত আছে…

ByByMahesh Malakar Jan 10, 2026

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত ১০ হাজাৰতকৈ ভোট কৰ্তনৰ নিৰ্দেশ…

ByByMahesh Malakar Jan 9, 2026

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট – জুবিন গাৰ্গে ন্যায় পাবনে??? “State of…

ByByMahesh Malakar Jan 4, 2026

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি কৰিলে ফটো। ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ফটো মুকলি।…

ByByMahesh Malakar Jan 4, 2026
Scroll to Top