চাৰি পাষণ্ডৰ কামনাৰ বলি হ’ল এগৰাকী ১৪ বছৰ অনুৰ্দ্ধৰ কিশোৰী।
কিশোৰী গৰাকী অন্তঃসত্ত্বা হোৱাৰ পাছতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
দীৰ্ঘদিনৰে পৰা কিশোৰী গৰাকীক ভয় ভাবুকিৰে বলাৎকাৰ কৰি আহিছিল পাষণ্ডকেইটাই।
কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে সোণাপুৰ আৰক্ষীৰ জালত চাৰি দুৰ্বিত্ত।
ধৃত চাৰি পাষণ্ড বিকাশ কৰ্মকাৰ(১৯), বিষ্ণু খাৰিয়া(১৯), ৰবি কৰ্মকাৰ(২০) আৰু ৰঞ্জন কৰ্মকাৰ (১৯)।
ঘটনাৰ সৈতে আন কেইবাটাও দুৰ্বিত্ত জড়িত থকাৰ অভিযোগ।
উল্লেখ্য যে, কিশোৰীগৰাকীক ভয় ভাবুকিৰে দীঘদিনৰে পৰা দুৰ্বিত্তৰ দলটোৱে ধৰ্ষণ কৰি আহিছিল যদিও লাজ-ভয়ত কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰা নাছিল এই ঘটনা।
কিন্তু, শেহতীয়াকৈ পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ শৰীৰৰ অস্বাভাৱিক অৱস্থাৰ কথা প্ৰত্যক্ষ কৰি সোধা-পোচা কৰাতহে পোহৰলৈ আহে সমগ্ৰ ঘটনা।
ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে চাৰি পাষণ্ডক আটক কৰি আৰম্ভ কৰিছে তদন্ত।