অসম তথা উত্তৰ পূৱ ভাৰতৰ বিদগ্ধ বৈষ্ণৱ পণ্ডিত কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অসম আৰু উত্তৰ বংগৰ গোবিন্দ ভৱন গীতা সত্ৰসমূহৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিবেশনখন ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে মৰিগাঁও চহৰত অনুষ্ঠিত হ’ব। মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগা এই অধিৱেশনৰ মূল মণ্ডপৰ আজি লাইখুঁটা এক মাংগলিক পৰিবেশত স্থাপন কৰে মৰিগাঁৱৰ বিধায়ক তথা অধিবেশৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে। অভ্যৰ্থনা সমিতিৰ সম্পাদক বাবুল বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানতো লগতে পুৱাৰে পৰা হৰিনামৰে মুখৰিত হৈ থাকে মৰিগাঁও স্কুল খেলপথাৰ । লাইখুঁটা স্থাপনৰ অনুষ্ঠানটোত জিলা খনৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ লগতে বিষয় ববীয়া সকল উপস্থিত থাকে । ফেব্ৰুৱাৰীত হব লগীয়া অধিৱেশন খনত অসম আৰু উত্তৰ বংগৰ ৫৪ খন সত্ৰৰ বিষয়ববীয়া আৰু সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।