বিশিষ্ট সংগীত শিল্পী , গণশিল্পী সূৰ্য দাস আৰু নাই ৷

এটি গানৰ যুগৰ যেন পৰিসমাপ্তি ঘটিল । আজি পুৱা মৰিগাঁও জিলাৰ ধৰমতুলৰ তেওঁৰ কন্যাৰ গৃহত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংগীত শিল্পীগৰাকীয়ে । বিগত বহু দিন ধৰি হাৰ্টৰ ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী । আজি পুৱা বাথৰুমত পিছল খাই অচেতন হৈ পৰিছিল শিল্পীগৰাকী আৰু তাৰ পাছত শিল্পীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ অনা হয় যদিও মৃত্যুক সাৱটি লয় শিল্পীগৰাকীয়ে । অৱশেষত, ৮৬ বছৰ বয়সত মানুহৰ বাবে গান গোৱা গণশিল্পীগৰাকীয়ে দুই কন্যা,একমাত্ৰ পুত্ৰসহ বহু আত্মীয়ক এৰি অজান দেশলৈ গুচি যায় । নতুন সূৰ্য , ৰঙা সূৰ্য , পেলেষ্টাইন , তুমি অসমৰ, মানুহ দেখিছোঁ আজি, মোৰ এই মাটিয়েই ঘৰ, কত বসন্ত কৰিলোঁ অন্ত আদি এলবাম আৰু গীতেৰে জনতাক জাগ্ৰত কৰিবলৈ চেষ্টা কৰিছিল ওৰেতো জীৱন । গণশিল্পীগৰাকীৰ মৃত্যুত সমগ্ৰ সাংস্কৃতিক ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে । মৰিগাঁও অসামৰিক চিকিৎসালয়ত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা , আছুৰ কৰ্মকৰ্তা ,বিভিন্ন দল- সংগঠন , সংবাদকৰ্মী আৰু মৰিগাঁওবাসী ৰাইজ উপস্থিত হৈ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জনায় । আনহাতে আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে যে, শিল্পীগৰাকীৰ নশ্বৰদেহ মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ লৈ যোৱা হব আৰু গুৱাহাটীতে সংগীত সমাজ , তেওঁৰ আত্মীয় কুটুম , তেওঁৰ হাজাৰ হাজাৰ অনুৰাগীৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হব ।