নগাঁও জিলাৰ ডিমৰুগুৰি ভোটাইআটি খেলপথাৰত দিৱা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা….

নগাঁও জিলাৰ ডিমৰুগুৰি ভোটাইআটি খেলপথাৰত দিৱা নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা….
সদৌ অসম ভিত্তিত ভোটাইআটি গাঁৱৰ সৌজন্যত যোৱা ৬ এপ্ৰিলৰ পৰা ভোটাইআটি খেলপথাৰত মৰহুম মইনুল হক চাহাব সোঁৱৰণিত দিবা- নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে ।
অসমৰ বিভিন্ন প্ৰান্তৰ ক্ৰিকেট খেলুৱৈ সকলৰ অধীক অপেক্ষা কৰি থাকে এই প্ৰতিযোগিতাত খনি কাৰনে,গ্ৰাম্যশ্বল লুকাই থকা ক্ৰীয়া প্ৰতিভা বোৰক এখন মঞ্চ দিয়া উদ্দেশ্য এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে ,খেলৰ আৰম্ভণি বিহু নৃত্য প্ৰদৰ্শন কৰা হয় ,ভোটাইআটি খেলপথাৰত ঈদ উল ফিতৰৰ আৰু আগন্তক ৰঙালী বিহুৰ শুভেচ্ছাৰে

এই প্ৰতিযোগিতাখনি আনুষ্ঠানিক শুভাৰম্ভ কৰা হয় ,আজি প্ৰতিযোগিতা শুভাৰম্ভ কাৰ্যসূচীত অতিথি হিচাপে উপস্থিত থাকে সমাজ সেৱক খালেক ঢালী ,আয়ুব আলি সৰদাৰ, ছামেদ ঢালী,অধিবক্তা ইমৰান হুছেইন, জেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ, পঞ্চায়ত প্ৰাক্তন সভানেত্ৰী মমতাজ বেগম আৰু গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে,এই প্ৰতিযোগিতাখনি ৬ এপ্ৰিলৰ পৰা কিচু দিনৰ লৈকে চলি থাকিব, ইচ্চুক দলসমূহক উদযাপন সমিতিৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনালো।
যোগাযোগ নম্বৰ: ৭০০২৮৬০২৭৭, ৭০০২৩৬৮৮৯৪ ভোটাইআটি গাঁৱৰ সৌজন্যত চলি থকা টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখনি সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ সভাপতি ছাবিৰ হুছেইন,সম্পাদক ইমান হুছেইন।