Image

দেৰগাঁৱত ভুৱা চিকিৎসক আটক

দেৰগাঁৱত ভুৱা চিকিৎসক আটক।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৰঞ্জিত চন্দ্ৰ সেন নামৰ ৫৭ বছৰীয়া ভুৱা আয়ুৰ্বেদিক চিকিৎসক এজনক।
২০২৩ চনৰ পৰা হাজৰিকা আয়ুৰ্বেদিক নামৰ এটা প্ৰতিষ্ঠানত আয়ুৰ্বেদিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল এই চিকিৎসক জনে।
পূব কাৰ্বি আংলং জিলাৰ পুৰণা বৰপথাৰৰ স্থায়ী বাসিন্দা ৰঞ্জিত চন্দ্ৰ সেন।
জানিব পৰা মতে কলিকতাৰ এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে তেওঁ আয়ুৰ্বেদিক চিকিৎসক হিচাপে কৰ্মৰত আছিল।
কিন্তু ২০২১ চনতে ভাৰত চৰকাৰে সেই চিকিৎসালয় খন নিষিদ্ধ ঘোষণা কৰিছিল।
আৰক্ষীৰ তথ্যৰ মতে Assam Medical council ৰ অধীনত তেওঁৰ কোনো ধৰণৰ পঞ্জীয়ন নাছিল।
সম্প্ৰতি ভুৱা চিকিৎসক জন দেৰগাঁও আৰক্ষী থানাৰ আলহী।

Releated Posts

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া USTM-ত PIMC আৰু IAMC-ৰ সহযোগিতাত ৰাষ্ট্ৰীয়…

ByByMahesh Malakar Jul 1, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top