ডিগবৈত শ্ৰমিক আন্দোলনৰ “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ উন্মোচন।

প্ৰায় দুকুৰি বছৰ ডিগবৈ শোধনাগাৰত চাকৰি কৰাৰ লগতে ট্ৰেড ইউনিয়নৰ অভিজ্ঞতাৰে অভিজ্ঞ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্ৰমিক নেতা, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নগেন চুতীয়াই নতুন প্ৰজন্মৰ বাবে “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে । শুকুৰবাৰে নিশা মিনাৰেল অইল ৱাকাৰ্ছ ইউনিয়ন সভাকক্ষত অনুষ্ঠিত সভাত সূচনা কৰে কবি ৰশ্মি ৰঞ্জন বৰুৱাই । মূল্যৱান গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাংবাদিক, প্ৰগতিশীল লিখক অমূল্য খাটনিয়াৰে । অসমত শ্ৰমিক আন্দোলন প্ৰথম আৰম্ভ হৈছিল ডিগবৈত আৰু শ্বহীদ হৈছিল তিনিগৰাকী শ্ৰমিক বুলি গ্ৰন্থ উন্মোচন কৰি ভাষণত কয় উন্মোচক অমূল্য খাটনিয়াৰে। শিক্ষাবিদ, প্ৰাক্তন অধ্যক্ষ মনেশ্বৰ বৰ্মনৰ পৌৰহিত্যত অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাত একুৰিৰো অধিক গ্ৰন্থপ্ৰেমী ৰাইজ উপস্থিত থাকে । বিশিষ্ট অতিথি হিচাপে পূৰ্ণ কাকতি, মথুৰা শৰ্মা আৰু অৰূপ গোস্বামী উপস্থিত থাকে । “শ্ৰমিক আন্দোলনৰ ডুখৰীয়া ছবি শীৰ্ষক গ্ৰন্থখন অগতানুগতিক । আমাৰ সমাজ ব্যৱস্থাত ঘটি থকা শ্ৰমিক আৰু মালিকৰ সংঘাটৰ একো একোটা জীয়া কাহিনী আছে গ্ৰন্থখনত ।” -এই কথা উল্লেখ কৰে লেখক নগেন চুতীয়াই।