ডিগবৈত শ্ৰমিক আন্দোলনৰ “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ উন্মোচন।

প্ৰায় দুকুৰি বছৰ ডিগবৈ শোধনাগাৰত চাকৰি কৰাৰ লগতে ট্ৰেড ইউনিয়নৰ অভিজ্ঞতাৰে অভিজ্ঞ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্ৰমিক নেতা, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নগেন চুতীয়াই নতুন প্ৰজন্মৰ বাবে “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে । শুকুৰবাৰে নিশা মিনাৰেল অইল ৱাকাৰ্ছ ইউনিয়ন সভাকক্ষত অনুষ্ঠিত সভাত সূচনা কৰে কবি ৰশ্মি ৰঞ্জন বৰুৱাই । মূল্যৱান গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট … Read more

ধিঙত পুনৰ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন।

পটল খেতিত কাম কৰি থকা অৱস্থাত পুঠিমাৰীৰ আব্দুল ৰেজেক নামৰ কৃষক গৰাকীক আক্ৰমণ কৰে বাঘে ।সম্প্ৰতি বাঘৰ আক্ৰমণৰ বলি হোৱা লোকজনক নগাঁৱলৈ প্ৰেৰণ কৰে।যোৱা দহ দিন ধৰি ধিঙৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে।কিন্তু বাঘ ধৰাত ব্যৰ্থ নগাঁও বন বিভাগ।পূৰ্বেও বাঘটোৱে ধিঙৰ জেঙনীত তিনিজন লোকক আক্ৰমণ কৰি গুৰুত্বৰ ভাবে আহত কৰিছিল। … Read more

বানৰ কৱলত অসমত মৃতকৰ সংখ্যা ৯০লৈ বৃদ্ধি; এতিয়াও ক্ষতিগ্ৰস্ত ১২লক্ষাধিক লোক

অসমৰ বান পৰিস্থিতি এতিয়াও ভয়াৱহ। এতিয়াও ১২ লাখৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত। পানীৰ তলত হাজাৰ হাজাৰ গাঁও। শুকুৰবাৰে ৰাজ্যত বানপানীৰ ফলত আৰু ৭ জন লোকৰ মৃত্যু হয়। অসমত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯০ লৈ বৃদ্ধি পাইছে৷ ব্ৰহ্মপুত্ৰৰ পানী এতিয়াও কেইবাঠাইতো বিপদসীমাৰ ওপৰেৰে বৈ আছে। স্থানীয় প্ৰশাসনৰ সূত্ৰ অনুসৰি অসমৰ বান পৰিস্থিতি কিছু উন্নত হৈছে। … Read more