• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ সন্মানত USTM-এ আৰম্ভ কৰিলে গৱেষণা ফেল’ছিপৰি-ভ’ই, মেঘালয়

জুবিন গাৰ্গৰ সন্মানত USTM-এ আৰম্ভ কৰিলে গৱেষণা ফেল’ছিপৰি-ভ’ই, মেঘালয়

১ নবেম্বৰ, ২০২৫: ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ অসমৰ কিংবদন্তী শিল্পী আৰু মানবতাবাদী দৰ্শনৰ প্ৰতীক জুবিন গাৰ্গৰ জীৱন, শিল্পকর্ম আৰু সমাজসেৱাৰ ভাৱধৰাক সন্মান জনাই গৱেষণা ফেল’ছিপ আৰু প্ৰবন্ধ প্ৰতিযোগিতা আৰম্ভ কৰাৰ ঘোষণা কৰিছে।
এই পদক্ষেপৰ মূল উদ্দেশ্য হ’ল সৃষ্টিশীলতা, সহানুভূতি, সাংস্কৃতিক একতা আৰু মানৱতাৰ মূল্যবোধ সংৰক্ষণ আৰু প্ৰচাৰ কৰা যিবোৰ মূল্যবোধ জুবিন গাৰ্গে নিজৰ জীৱনজুৰি অনুশীলন কৰিছিল।
জুবিন গাৰ্গৰ সৈতে USTM-ৰ এক গভীৰ অনুভূতিমূলক বন্ধন আছিল। বিশ্ববিদ্যালয়ে তেওঁৰ বহু চলচ্চিত্ৰৰ দৃশ্য চিত্ৰগ্ৰহণৰ বাবে কেম্পাছত হোৱা আগমন আদৰেৰে স্মৰণ কৰে, বিশেষকৈ তেওঁৰ অন্তিম চলচ্চিত্ৰ ‘ৰৈ ৰৈ বিনালে-ৰ কিছু দৃশ্য ইয়াত চিত্ৰগ্ৰহণ কৰিছিল।
ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক সদায় মনত থাকিব। USTM এ গৌৰৱৰে উল্লেখ কৰে যে, তেওঁৰ জীৱনত তেওঁ এই বিশ্ববিদ্যালয়ৰ সম্মানসূচক ডক্টৰেট (Honoris Causa) প্ৰদান কৰাৰ সৌভাগ্য হৈছিল যি তেওঁ নিজৰ সৰলতা আৰু বিনম্ৰতাৰ সৈতে গ্ৰহণ কৰিছিল।
আজি অনুষ্ঠিত হোৱা সংবাদ মেলত উপস্থিত আছে — মাননীয় অধ্যক্ষ শ্ৰী মহবুবুল হক, উপাধ্যক্ষ প্ৰফেছৰ জি. ডি. শৰ্মা, ডঃ আৰ. কে. শৰ্মা (Principal, IAMC), প্ৰফেছৰ শুভ্ৰম ৰাজখোৱা (University School of Law & Research, USTM) আৰু প্ৰফেছৰ গৰিমা কলিতা (Department of English, USTM)।
USTM-এ ইতিমধ্যে বহুতো অনুপ্ৰাণিত ব্যক্তি আৰু গৱেষকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে, যিয়ে জুবিন গাৰ্গৰ প্ৰতি জনসাধাৰণৰ গভীৰ সন্মান আৰু প্ৰতিফলন ঘটাইছে।
গৱেষণাৰ একাডেমিক আৰু সাংস্কৃতিক গুণগত মান সুনিশ্চিত কৰিবলৈ বিশ্ববিদ্যালয়খনে শিল্পী, গৱেষক, সংস্কৃতিতত্ত্ববিদ আৰু জুবিন দাৰ অনুৰাগীসকলক লৈ এটা উপদেষ্টা পৰিষদ (Advisory Council) গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনে এনে ধৰণৰ মনোভাৱ থকা সকলোকেই এই মহান প্ৰচেষ্টাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
এই পদক্ষেপ কেৱল এক একাডেমিক প্ৰকল্প নহয় — ই এক সজীৱ শ্রদ্ধাঞ্জলি, যাৰ লক্ষ্য আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰা আৰু জুবিন গাৰ্গৰ আত্মা, দৰ্শন আৰু মানবতাৰ আদৰ্শক চিৰজীৱ কৰি তোলা।
ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM) হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান আৰু প্ৰযুক্তিত উৎসৰ্গিত ৰাজ্যিক বেচৰকাৰী বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ে ২০২১ চনত NAAC-ৰ প্ৰথম মূল্যায়নত ‘A’ গ্ৰেড লাভ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বশ্ৰেষ্ঠ বেচৰকাৰী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি লাভ কৰা USTM এতিয়া ৰাষ্ট্ৰীয় স্তৰতো অগ্ৰগণ্য, আৰু NIRF ৰেংকিংত টানা চাৰি বছৰৰ বাবে (২০২২-২০২৫) অন্তৰ্ভুক্ত হোৱা একমাত্ৰ বেচৰকাৰী বিশ্ববিদ্যালয়।

Releated Posts

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে

জুবিন গাৰ্গৰ ঘটনাৰ ৰায় দিলে ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গ হত্যাকাণ্ডৰ অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰঘোষণা ফাষ্টট্ৰেক আদালতৰ এতিয়াৰে পৰা…

ByByMahesh Malakar May 26, 2026

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…

ByByMahesh Malakar May 26, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী

এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…

ByByMahesh Malakar May 18, 2026
Scroll to Top