• Home
  • অপৰাধনামা
  • জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ ।২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ ।২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ জেচিবিৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ ৷ পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ ৷ উল্লেখ্য যে, পথচোৱাৰ মাজত বহু দুৰলৈ কোনো ক্ৰচিঙৰ ব্যৱস্থা নথকাৰ বাবে পথ অতিক্ৰম কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে স্কুল-কলেজৰ ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা দুখনকৈ গাঁৱৰ জনসাধাৰণ ৷ পথ অতিক্ৰম কৰিবলৈ বহুদুৰ যাবলগীয়া হোৱাৰ বাবেই বিভিন্ন সময়ত ভুল দিশেৰে যাত্ৰা কৰে বহুজনে ৷ পথ অতিক্ৰম কৰাৰ ক্ষেত্ৰত এনে অসুবিধা সন্মুখীন হৈ ভুল দিশেৰে অহাযোৱা কৰে বিভিন্ন যানবাহন ৷ যাৰ ফলত ইতিমধ্যে কেইবাটাও গুৰুতৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে বহু লোকৰ ৷ আনহাতে উজনি আৰু নামনিমুৱা তীব্ৰবেগী যানবাহন সমুহৰ গতি ৰোধৰ বাবেও উক্ত স্থানত প্ৰয়োজন হৈছে এটা উন্নত প্ৰযুক্তিৰ ক্ৰচিঙৰ ৷ তাৰেই পৰিপ্ৰেক্ষিতত জাগীৰোডৰ পশ্চিম নগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক উক্ত স্থানত এটা লেভেল ক্ৰচিং নিৰ্মানৰ দাবী জনায় স্থানীয় সচেতন মহলে ৷ পথ অৱৰোধৰ সময়চোৱাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷

Releated Posts

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া

জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া USTM-ত PIMC আৰু IAMC-ৰ সহযোগিতাত ৰাষ্ট্ৰীয়…

ByByMahesh Malakar Jul 1, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড

অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…

ByByMahesh Malakar Jun 29, 2026

এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব যান-বাহন আৰক্ষীয়ে

এতিয়াৰে পৰা মোবাইলেৰে ফটো মাৰি ফাইন কাটিব নোৱাৰিব যান-বাহন আৰক্ষীয়ে মোবাইল কেমেৰাৰে ফটো মাৰি বিহিব নোৱাৰিব No Parkingৰ…

ByByMahesh Malakar Jun 28, 2026
Scroll to Top