• Home
  • অপৰাধনামা
  • জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ জেচিবিৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ ৷ পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ ৷ উল্লেখ্য যে, পথচোৱাৰ মাজত বহু দুৰলৈ কোনো ক্ৰচিঙৰ ব্যৱস্থা নথকাৰ বাবে পথ অতিক্ৰম কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে স্কুল-কলেজৰ ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা দুখনকৈ গাঁৱৰ জনসাধাৰণ ৷ পথ অতিক্ৰম কৰিবলৈ বহুদুৰ যাবলগীয়া হোৱাৰ বাবেই বিভিন্ন সময়ত ভুল দিশেৰে যাত্ৰা কৰে বহুজনে ৷ পথ অতিক্ৰম কৰাৰ ক্ষেত্ৰত এনে অসুবিধা সন্মুখীন হৈ ভুল দিশেৰে অহাযোৱা কৰে বিভিন্ন যানবাহন ৷ যাৰ ফলত ইতিমধ্যে কেইবাটাও গুৰুতৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে বহু লোকৰ ৷ আনহাতে উজনি আৰু নামনিমুৱা তীব্ৰবেগী যানবাহন সমুহৰ গতি ৰোধৰ বাবেও উক্ত স্থানত প্ৰয়োজন হৈছে এটা উন্নত প্ৰযুক্তিৰ ক্ৰচিঙৰ ৷ তাৰেই পৰিপ্ৰেক্ষিতত জাগীৰোডৰ পশ্চিম নগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক উক্ত স্থানত এটা লেভেল ক্ৰচিং নিৰ্মানৰ দাবী জনায় স্থানীয় সচেতন মহলে ৷ পথ অৱৰোধৰ সময়চোৱাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷

Releated Posts

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বাবে বিশেষ টীম গঠন। ৫জনীয়া লোক অধিবক্তাক লৈ গঠন কৰা হৈছে টীম। টীমত আছে…

ByByMahesh Malakar Jan 10, 2026

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত ১০ হাজাৰতকৈ ভোট কৰ্তনৰ নিৰ্দেশ…

ByByMahesh Malakar Jan 9, 2026

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট

জুবিন গাৰ্গৰ ঘটনাৰ তৃতীয়টো শুনানিৰ পিছত ভগ্নী পামী বৰঠাকুৰৰ ফেচবুক পোষ্ট – জুবিন গাৰ্গে ন্যায় পাবনে??? “State of…

ByByMahesh Malakar Jan 4, 2026

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি

ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ বন্দিত্বৰ প্ৰথমখন ফটো মুকলি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মুকলি কৰিলে ফটো। ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ফটো মুকলি।…

ByByMahesh Malakar Jan 4, 2026
Scroll to Top