উত্তৰ গুৱাহাটীত এখন নৃত্য বিদ্যালয়ৰ শুভ উদ্বোধনী…

উত্তৰ গুৱাহাটীত এখন নৃত্য বিদ্যালয়ৰ শুভ উদ্বোধনী।ছানী ডেন্স একাডেমী নামৰ নৃত্য বিদ্যালয়খন মুকলি উত্তৰ গুৱাহাটী কলেজনগৰতৰাষ্ট্ৰীয় পৰ্যায়ৰ ঢুলীয়া শিল্পী তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী কুমুদ নাথৰ তত্বাৱধানত নৃত্য বিদ্যালয়খন কেক কাটি শুভাৰম্ভণি কৰে নৃত্য বিদ্যালয়ৰ খনিৰ প্ৰশিক্ষক কংকণ চৌধুৰীয়ে।উদ্বোধন কৰি চৌধুৰীয়ে নৃত্য বিদ্যালয়খনিত সকলো আধুনিক নৃত্য প্ৰশিক্ষণ প্ৰদান কৰা হব বুলি উল্লেখ কৰে।শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক ৰূপক ডেকা, সাংবাদিক উৎপল তামুলী, বিশিষ্ট সমাজকৰ্মী অৰূপ মেধী, জয়ন্ত দাস প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি।কুমুদ নাথে আতঁ ধৰা অনুষ্ঠানত কণ কণ শিক্ষাৰ্থীৰ দ্বাৰা নৃত্য পৰিবেশন কৰা হয়।লগতে আৰ্থিক ভাৱে দুৰ্বল বৃহত্তৰ উত্তৰ গুৱাহাটীৰ লগতে কামৰূপ জিলাৰ প্ৰতিভাৱান নৃত্য শিল্পীক কম খৰচতে প্ৰশিক্ষণ দিয়া হব বুলি বিদ্যালয়ৰ অন্যতম উদ্যোক্তা শিখা ঠাকুৰীয়াই জানিব দিয়ে।