• Home
  • অপৰাধনামা
  • ইউএছটিএমৰ অধ্যাপক ড° যুগল কিশোৰ মহন্তৰ The Lancet-ত প্ৰকাশিত বিশ্বজনীন স্বাস্থ্য গৱেষণাত অৱদান আগবঢ়াই গৌৰৱ অৰ্জন

ইউএছটিএমৰ অধ্যাপক ড° যুগল কিশোৰ মহন্তৰ The Lancet-ত প্ৰকাশিত বিশ্বজনীন স্বাস্থ্য গৱেষণাত অৱদান আগবঢ়াই গৌৰৱ অৰ্জন

ইউনিভাৰ্সিটি অৱ ছায়েন্স এণ্ড টেকন’লজী মেঘালয় (USTM)-এ গৌৰৱৰ সৈতে জনাও যে প্ৰয়োগিক জীৱবিজ্ঞান বিভাগৰ শিক্ষক ড° যুগল কিশোৰ মহন্ত-এ বিশ্বজনীন স্বাস্থ্য গৱেষণাৰ এক ঐতিহাসিক অধ্যয়নত সহলেখকৰ ৰূপে অৱদান আগবঢ়াইছে। উক্ত অধ্যয়নটো The Lancet (Impact Factor: 88.5) নামৰ বিশ্বখ্যাত চিকিৎসা জাৰ্ণেলত প্ৰকাশ পাই আমাক গৌৰবান্বিত কৰিছে৷ উক্ত প্ৰবন্ধৰ শিৰোনাম—📘 “Burden of 375 diseases and injuries, risk-attributable burden of 88 risk factors, and healthy life expectancy in 204 countries and territories, including 660 subnational locations, 1990–2023: a systematic analysis for the Global Burden of Disease Study 2023” —এই গৱেষণাই ১৯৯০ৰ পৰা ২০২৩ চনলৈকে ২০৪ খন দেশ আৰু ৬৬০টা উপ-অঞ্চলত ৩৭৫টা ৰোগ আৰু আঘাতৰ ভাৰ, ৮৮টা বিপদকাৰী কাৰকৰ প্ৰভাৱ, আৰু স্বাস্থ্যকৰ আয়ু প্রত্যাশাৰ ওপৰত এক বিস্তৃত আৰু গভীৰ বিশ্লেষণ আগবঢ়াইছে।এই প্ৰতিবেদন হৈছে বিশ্বজুৰি স্বাস্থ্য-পৰিসংখ্যা আৰু জনস্বাস্থ্য নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এতিয়ালৈকে হোৱা আটাইতকৈ ব্যাপক আৰু বৈজ্ঞানিক মূল্যৱান অধ্যয়নসমূহৰ অন্যতম।ড° মহন্তৰ অৱদান এই বিশ্বজনীন গৱেষণা প্ৰচেষ্টাত তেওঁৰ জনস্বাস্থ্য গৱেষণা, তথ্য-ভিত্তিক নীতি নিৰ্মাণ আৰু স্বাস্থ্য সমতাৰ প্ৰতি থকা প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰে। তেওঁৰ এই সাফল্যে কেৱল তেওঁৰ ব্যক্তিগত একাডেমিক উৎকর্ষই নহয়, ইউএছটিএমৰ গৌৰৱৰো এক প্ৰতিক।এই সুযোগত ড° মহন্তই মন্তব্য প্ৰকাশ কৰি কয় —“বিশ্বজনীন স্বাস্থ্যনীতি গঠন আৰু কোটি কোটি মানুহৰ জীৱনত প্ৰভাৱ পেলাব পৰা গৱেষণাত অংশ লোৱাৰ সুযোগ পোৱাৰ বাবে মই গৰ্বিত। তথ্য-ভিত্তিক গৱেষণাই স্থায়ী আৰু ন্যায়সংগত স্বাস্থ্য ফলাফল প্ৰাপ্তিত এক প্ৰধান মাধ্যম।”প্ৰয়োগিক জীৱবিজ্ঞান বিভাগে ড° মহন্তক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে আৰু আশা প্ৰকাশ কৰিছে যে তেওঁৰ এই সাফল্যে ইউএছটিএমক বিশ্বমানৰ বৈজ্ঞানিক উৎকর্ষ আৰু গৱেষণাৰ ক্ষেত্ৰত এক দীপ্ত স্থানত স্থাপন কৰিব।

Releated Posts

ই ডিৰ সন্মুখত ধন সৰবৰাহৰ গোচৰত উপস্থিত অনিল আম্বানী

ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ অনিল আম্বানীয়ে বৃহস্পতিবাৰে নতুন দিল্লীস্থিত বলৱৎকাৰী সঞ্চালকালয় চমুকৈ ইডিৰ সন্মুখত ধন সৰৱৰাহৰ গোচৰত উপস্থিত হয়…

ByByMahesh Malakar Feb 26, 2026

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ

গোলাঘাটত দলীয় কৰ্মীৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখীন গৌৰৱ গগৈ গোলাঘাট আৱৰ্ত ভৱনত গৌৰৱ গগৈক ঘেৰাও কংগ্ৰেছীৰ অজাপক সৰুপথাৰ সমষ্টি…

ByByMahesh Malakar Feb 26, 2026

উচ্ছেদৰ পিছতেই উৰিয়ামঘাটত চেগুন গছ চোৰৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ পিছতেই ইটোৰ পিছত সিটো অনৈতিক, দুষ্কাৰ্য সংঘটিত হৈ আহিছে । উৰিয়ামঘাটত…

ByByMahesh Malakar Feb 24, 2026

নিশা জুবিনক্ষেত্ৰত সুৰাপায়ী যুৱকৰ উদ্ভণ্ডালি

 পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যোৱা আৰক্ষীকো আক্ৰমণ কৰে যুৱককেইজনে। পূৰ্বেও জুবিনক্ষেত্ৰত একাংশ সুৰামত্ত লোকে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিছিল। জুবিনক্ষেত্ৰত একাংশই…

ByByMahesh Malakar Feb 23, 2026
Scroll to Top