আজিৰেপৰা আৰম্ভ ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু সুৱণখাটা মাঘ মেলা ।

ভূটানৰ পৰা আহিছে ভূটীয়া কুৰমালাগা । আজিৰেপৰা বাক্সাৰ সুৱণখাটাত ১৩ সংখ্যক ভাৰত-ভূটান বন্ধুত্ব মেলা আৰু ৭৩ সংখ্যক সুৱণখাটা মাঘ মেলা । অহা ২৪ জানুৱাৰীলৈ বাক্সাৰ সুৱণখাটাত চলিব এই বন্ধুত্ব মেলা আৰু মাঘ মেলা । দেশ দুখনৰ খাদ্য সম্ভাৰৰ লগতে সাংস্কৃতিক বিনিময়ো হ’ব এই ভাৰত-ভূটান বন্ধুত্ব মেলাত । আজি পুৱা ৰঙা ফিটা কাটি মুখ্যদ্বাৰ উদ্ঘাটন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে । তাৰপিছতে উত্তোলন কৰে ভাৰত আৰু ভূটান দুয়োখন দেশৰ পতাকা । শান্তিৰ পাৰ চৰাই উৰুৱাই কামনা কৰে দুয়োখন দেশৰ শান্তি । নানা জনগোষ্ঠীৰ নৃত্যৰে জীপাল হয় সুৱণখাটা মাঘ মেলা বাকৰি।