দুৰ্ঘটনা হোৱা বাহনখনত সুপাৰী ভৰ্তি আছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, ধুবুৰীৰ পৰা পশ্চিম বংগ অভিমূখে গৈ থাকোতে AS18AC5397 আল্টাখন ৰতিয়াদহ বেৰিগেটৰ সন্মুখত অন্য এখন গাড়ীৰ পিছফালে লগাই দিয়াৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। আৰু যি গাড়ীখনত লগাই দিছিল সেই গাড়ী খন পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।
এই পথ দুৰ্ঘটনাত AS18AC5397 নম্বৰৰ আল্টা গাডীখন ড্ৰাইভাৰ আৰু হেন্ডিমেন দুজনে আহত দেখি আগমনী আৰক্ষীয়ে লগে-লগে আগমনী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ড্ৰাইভাৰ জনৰ অবস্থা সংকট জনক দেখি ধুবুৰী মেডিকেললৈ প্ৰেৰন কৰে।