
ক্ৰু-৯ৰ সদস্য মহাকাশচাৰী নিক হেগ আৰু মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভৰ সৈতে পৃথিৱীলৈ উভতি আহিল সুনীতা উইলিয়ামছ আৰু বুচ উইলমৰে।
অন্ত পৰিল দীৰ্ঘদিনীয়া অপেক্ষাৰ। ফ্লৰিডাৰ উপকূলত সফল অৱতৰণ কৰিলে ড্ৰেগন। সুনীতা উইলিয়ামছসহ ৩গৰাকী মহাকাশচাৰীয়ে খোজ দিলে পৃথিৱীত।
বিশ্বৰ কোটি কোটি জনতাৰ মুখত এটাই কথা – WELCOME BACK SUNITA.
ড্ৰেগন কেপচুলৰ পৰা হাঁহি হাঁহি ওলাই আহিল সুনীতা উইলিয়ামছ। সকলোকে দিলে হাত জোকাৰি অভিবাদন। সুনীতাক সুস্থ দেখি সকলো বিশ্ববাসী সুখী।
উল্লেখ্য যে, ২০২৪চনৰ ৫জুনত মহাকাশলৈ যাত্ৰা কৰিছিল সুনীতা উইলিয়ামছে, আৰু আজি ২০২৫ৰ ১৯ মাৰ্চ তৰিখে উভতি আহে ধৰালৈ।
৮দিনৰ অভিযানেৰে মহাকাশলৈ গৈছিল সুনীতা, কিন্তু ৮দিনৰ বাবে গৈ যোৱা ৯মাহে মহাকাশ কেন্দ্ৰতে আৱদ্ধ হৈ আছিল সুনীতা উইলিয়ামছ।