Image

দেৰগাঁৱত ভুৱা চিকিৎসক আটক

দেৰগাঁৱত ভুৱা চিকিৎসক আটক।
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰ সমীপৰ পৰা দেৰগাঁও আৰক্ষীয়ে আটক কৰে ৰঞ্জিত চন্দ্ৰ সেন নামৰ ৫৭ বছৰীয়া ভুৱা আয়ুৰ্বেদিক চিকিৎসক এজনক।
২০২৩ চনৰ পৰা হাজৰিকা আয়ুৰ্বেদিক নামৰ এটা প্ৰতিষ্ঠানত আয়ুৰ্বেদিক চিকিৎসক হিচাপে সেৱা আগবঢ়াই আহিছিল এই চিকিৎসক জনে।
পূব কাৰ্বি আংলং জিলাৰ পুৰণা বৰপথাৰৰ স্থায়ী বাসিন্দা ৰঞ্জিত চন্দ্ৰ সেন।
জানিব পৰা মতে কলিকতাৰ এখন আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰৰে তেওঁ আয়ুৰ্বেদিক চিকিৎসক হিচাপে কৰ্মৰত আছিল।
কিন্তু ২০২১ চনতে ভাৰত চৰকাৰে সেই চিকিৎসালয় খন নিষিদ্ধ ঘোষণা কৰিছিল।
আৰক্ষীৰ তথ্যৰ মতে Assam Medical council ৰ অধীনত তেওঁৰ কোনো ধৰণৰ পঞ্জীয়ন নাছিল।
সম্প্ৰতি ভুৱা চিকিৎসক জন দেৰগাঁও আৰক্ষী থানাৰ আলহী।

Releated Posts

নলবাৰী জিলাত ১৭ নৱেম্বৰত ৰাস মহোৎসৱ উপলক্ষে স্থানীয় বন্ধ ঘোষণা জিলা আয়ুক্তৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধর্মীয় অনুষ্ঠান নলবাৰীৰ হৰিমন্দিৰৰ ৰাস মহোৎসৱত বৃহস্পতিবাৰে এক উথপথপ্ পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত বিভিন্ন অঞ্চলৰ…

ByByMahesh MalakarNov 14, 2025

শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

শিলসাঁকোৰ উচ্ছেদিত ভূমিত একাংশ উচ্ছেদিত লোকে নতুনকৈ ঘৰ সজাৰ চেষ্টা কৰিছিল বুধবাৰে ৷ সেই খবৰ লাভ কৰাৰ পিছতে…

ByByMahesh MalakarNov 13, 2025

মেঘালয়ৰ ডাউকীৰ হাবিৰ মাজত ওলমাই থোৱা অৱস্থাত উদ্ধাৰ বশিষ্ঠৰ তপন দে’ৰ নিথৰ দেহ

চুবুৰীয়া মেঘালয়ৰ ডাউকীৰ অৰণ্যৰ মাজত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ নিথৰ দেহ ৷ ডাউকীৰ অৰণ্যৰ মাজত এজোপা গছত উলোমাই থোৱা…

ByByMahesh MalakarNov 13, 2025

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ! ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।বাবৰি…

ByByMahesh MalakarNov 13, 2025
Scroll to Top