• Home
  • অপৰাধনামা
  • জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় লোকৰ প্ৰতিবাদ২৭ নং ৰাষ্টীয় ঘাই পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ

জাগীৰোডৰ পশ্চিম নগাঁৱত স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ জেচিবিৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ ৷ পথৰ ডিভাইডাৰত ক্ৰচিং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ ৷ উল্লেখ্য যে, পথচোৱাৰ মাজত বহু দুৰলৈ কোনো ক্ৰচিঙৰ ব্যৱস্থা নথকাৰ বাবে পথ অতিক্ৰম কৰাত সমস্যাৰ সন্মুখীন হৈ আহিছে স্কুল-কলেজৰ ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা দুখনকৈ গাঁৱৰ জনসাধাৰণ ৷ পথ অতিক্ৰম কৰিবলৈ বহুদুৰ যাবলগীয়া হোৱাৰ বাবেই বিভিন্ন সময়ত ভুল দিশেৰে যাত্ৰা কৰে বহুজনে ৷ পথ অতিক্ৰম কৰাৰ ক্ষেত্ৰত এনে অসুবিধা সন্মুখীন হৈ ভুল দিশেৰে অহাযোৱা কৰে বিভিন্ন যানবাহন ৷ যাৰ ফলত ইতিমধ্যে কেইবাটাও গুৰুতৰ পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছে বহু লোকৰ ৷ আনহাতে উজনি আৰু নামনিমুৱা তীব্ৰবেগী যানবাহন সমুহৰ গতি ৰোধৰ বাবেও উক্ত স্থানত প্ৰয়োজন হৈছে এটা উন্নত প্ৰযুক্তিৰ ক্ৰচিঙৰ ৷ তাৰেই পৰিপ্ৰেক্ষিতত জাগীৰোডৰ পশ্চিম নগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক উক্ত স্থানত এটা লেভেল ক্ৰচিং নিৰ্মানৰ দাবী জনায় স্থানীয় সচেতন মহলে ৷ পথ অৱৰোধৰ সময়চোৱাত ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন ৷

Releated Posts

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ!

দিল্লী বিস্ফোৰণৰ পাছতে চাঞ্চল্যকৰ তথ্য প্ৰকাশ! ৬ ডিচেম্বৰত ভয়াৱহ আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ।কুখ্যাত জইছ-ঈ-মহম্মদে ৰচিছিল বিস্ফোৰণৰ ভয়ংকৰ পৰিকল্পনা।বাবৰি…

ByByMahesh MalakarNov 13, 2025

অযোধ্যা, বাৰাণসী আছিল সন্ত্ৰাসবাদীৰ পৰৱৰ্তী লক্ষ্য

দিল্লীৰ বিস্ফোৰণক লৈ অব্যাহত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই জোৰদাৰ তদন্ত চলাই গৈছে৷ নিয়াৰ তদন্তত পোহৰলৈ আহিছে বহু ভয়ংকৰ…

ByByMahesh MalakarNov 13, 2025

দিল্লী বিস্ফোৰণক লৈ সামাজিক মাধ্যমত সন্তুষ্টি প্ৰকাশ কৰা ১৫ জনক গ্ৰেপ্তাৰ

দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত ভয়ংকৰ বিস্ফোৰণৰ তদন্ত দেশজুৰি অব্যাহত আছে। ইয়াৰ মাজতে সন্ত্রাসবাদীৰ এনে কাৰ্যত প্রত্যক্ষ…

ByByMahesh MalakarNov 13, 2025

ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম

হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ ৰৈ ৰৈ বিনালে‘ মুকলি হোৱাৰ দিনৰে পৰা কথাছবি খন চাবলৈ হললৈ…

ByByMahesh MalakarNov 12, 2025
Scroll to Top