অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী চাহজনজাতি লোক সকলে নিজা ভাষা সংস্কৃতি পৰম্পৰা ক জীয়াই ৰাখিবৰ চেষ্টা অব্যাহত ৰাখিছে।হয় এই দৃশ্য গোলাঘাট ৰ থুৰাজান চাহ বাগিছাৰ। বিশ্ব শান্তি কামনা ৰে বাগিচাখনত যোৱা ৪মে তাৰিখৰ পৰা৭দিনীয়া কাৰ্যসূচী ৰে অনুস্থিত হৈছে উড়িয়া ভাষাত ভাগৱত পাঠ অনুস্থান। ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা উপস্থিত হৈছে ভক্ত বৈষ্ণৱ সকল। অহা১১মে তাৰিখে সমাপ্ত হ’ব লগীয়া ভাগৱত পাঠে বাগিচাখন একপ্ৰকাৰ ধৰ্মীয় তীৰ্থ ক্ষেত্ৰলৈ ৰুপান্তৰ হৈছে।উড়িয়া জাতিৰ লোক সকলৰ ভাষা সংস্কৃতি পৰম্পৰা ৰক্ষা কৰা ক্ষেত্ৰত নতুন প্ৰজন্মক আগবঢ়ায় নিবলৈ এনেদৰে উড়িয়া ভাষাত ভাগৱত পাঠ অনুস্থান অনুষ্ঠিত কৰা হৈছে বুলি জানিব লৈ দিছে।
