মঞ্চৰ ট্ৰেজেডী কিঙে এইবাৰ বাস্তৱ কান্দি উঠিল , ভ্ৰাম্যমাণৰ ট্ৰেজেডী কিং মৃদুল ভূঞাৰ মাতৃৰ বিয়োগ।

অভিনেতাগৰাকীয়ে। মাতৃৰ বিয়োগৰ পিছতে মঞ্চ হাঁহি-কান্দোন সংলাপ গায় গ’ল অভিনেতাগৰাকীয়ে। মাতৃৰ নিথৰ দেহৰ কাষত উচুপি উঠিল অভিনেতাগৰাকী। বুধবাৰে বিয়লি ৪ বজাত নাৰায়ণপুৰৰ ২নং ৰঙাজান গাঁৱৰ বাসগৃহত মৃত্যু হয় মাতৃ কুঞ্জলতা ভূঞাৰ। মঞ্চত প্ৰথম দৰ্শনীৰ অভিনয় সামৰি মাতৃৰ অন্তেষ্টিক্ৰিয়াত সম্পন্ন কৰে অভিনেতাগৰাকীয়ে। এইবাৰ ৰাজধানী থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছিল জনপ্ৰিয় অভিনেতাগৰাকী। লখিমপুৰৰ বৰমূৰীয়া তিনিআলিত চলি আছে ৰাজধানী থিয়েটাৰ ৷