
বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথৰ দুৰৱস্থাই জ্বলা-কলা খোৱাইছে গাঁওবাসীক ।
উপনিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে ।
সেয়ে, আজি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
বিহালীৰ বিধায়ক ৰঞ্জিত দত্তৰ দিনত ৰাস্তা ঘাট,নামঘৰ, মন্দিৰ, মজিদ আদিৰ যথেষ্ট উন্নয়ন হোৱাৰ
বিপৰীতে বিগত ৮০ চনৰ পৰাই বসবাস কৰা ৪ খন গাঁৱৰ ৰাইজৰ মাত্ৰ ১ কি. মি. দৈৰ্ঘ্যৰ এটা পথ আজিও জৰাজীৰ্ণ হৈ থাকিল ।

বিহালীৰ নকোনিয়া ডেকাৰ গাঁৱৰ পথছোৱাই এতিয়া জীয়াতু ভোগাই আহিছে গাওঁবাসীক ।
উল্লেখ্য যে, বিগত সময়ত বিহালীত কংগ্ৰেছৰ বিধায়ক হওঁতেই ; সেই গাৱঁত বিজেপিৰ ৱাৰ্ড সদস্য হিচাপে জিকিছিল, এনে ক্ষেত্ৰত বিধায়ক ৰঞ্জিত দত্তৰ ঘৰৰ মাত্ৰ ২ কি.মি. নাতিদুৰৈৰ পথটো নিৰ্মাণ নকৰাৰ কাৰণ ৰাইজে আজিও বুজি নাপালোঁ বুলি উল্লেখ কৰে।
এইবাৰ ৰাইজৰ আহ্বান মুখ্যমন্ত্ৰীলৈ, শীঘ্ৰেই এই পথ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে সন্মুখত আহি থকা উপ নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ দিছে গাওঁবাসীয়ে।