পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ১৪ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে। দুবছৰৰ পূৰ্বে জামিনত থকাৰ সময়তে আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল ইমৰান খানক।
শুকুৰবাৰে পাকিস্তানৰ দুৰ্নীতি দমন আদালতে দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান-তেহৰিক-ই-ইনছাফ চমুকৈ পি টি আই দলৰ প্ৰতিষ্ঠাপক ইমৰান খানক আল কাদিৰ ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ কাৰাদণ্ড বিহিছে।
তাৰোপৰিক ইমৰানৰ পত্নী বুশ্বৰা বিবিকো এই গোচৰত দোষী সাব্যস্ত কৰা হৈছে। তেওঁক ৭ বছৰৰ কাৰাদণ্ড বিহিছে একেখন আদালতে।
উল্লেখ্য যে, ২০২৩ ৰ মে’ মাহত ইমৰান খানক আদালত চৌহদৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ এই গ্ৰেপ্তাৰক পাকিস্তান উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ উমৰ আটা বন্দিয়ালে অবৈধ আখ্যা দিছিল।
ইয়াৰ পাছত লাহোৰ উচ্চ ন্যায়ালয়ে ইমৰান খানৰ জামিন আবেদনো মঞ্জুৰ কৰিছিল। কিন্তু ৰাষ্ট্ৰদ্ৰোহসহ একাধিক গোচৰত অভিযুক্ত পি টি আই প্ৰধানগৰাকীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ নকৰিলে।
আল কাদিৰ ট্ৰাষ্ট্ৰৰ নিৰ্মীয়মান বিশ্ববিদ্যালয়ৰ পৰা বেইআইনী ভাৱে ১৬৪৫ হাজাৰ কোটি টকা নিয়াৰ অভিযোগ প্ৰমাণিত হৈছিল ইমৰান খানৰ পত্নী বুশ্বৰাৰ বিৰুদ্ধে। পাকিস্তানৰ তদন্তকাৰী সংস্থা নেচনেল একাউণ্টিবিলিটি ব্যুৰো আছিল এই গোচৰটোৰ তদন্তৰ দায়িত্বত।