পদুলি মুখত হেঁপাহৰ ৰঙালী বিহু, ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহু নাচৰ কৰ্মশালা বৰপেটা জিলাৰ চেঙাস্থিত চি এচ চি বাল বিদ্যালয়ৰ উদ্যোগত ছয়দিনীয়াকৈ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিহুনাচৰ কৰ্মশালা…

চেঙাত বিহুনাচৰ কৰ্মশালা আৰম্ভ, বৰপেটা জিলাৰ চেঙাস্থিত চি এচ চি বাল বিদ্যালয়ৰ উদ্যোগত বুধবাৰৰ পৰা ছয়দিনীয়াকৈ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছে বিহুনাচৰ কৰ্মশালা। চি এচ চি বাল বিদ্যালয়খনৰ অধ্যক্ষ বসন্ত ঠাকুৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হয় বিহুনাচৰ কৰ্মশালা উদ্বোধনী সভা। বিহুনাচৰ কৰ্মশালা আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। বিহুনাচৰ কৰ্মশালাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চেঙা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মৃদুল শৰ্মাই। মৃদুল শৰ্মাই ভাষণ প্ৰসংগত অসমীয়াৰ বাপতি সাহোন বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে।

অহা ৩১ মাৰ্চলৈ চলিবলগীয়া কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক হিচাপে নলবাৰীৰ ৰাজনন্দিনী বৰ্মা আৰু সহকাৰী প্ৰশিক্ষক হিচাপে ব্যাসকুছিৰ গাৰ্গী বৰ্মাই প্ৰশিক্ষণ প্ৰদান কৰিছে। বিহুনাচৰ কৰ্মশালাখনৰ সম্পাদনাৰ দায়িত্বত আছে চিএচচি বাল বিদ্যালয়ৰ মুখ্য শিক্ষয়িত্ৰী কৰিশ্মা ডেকা আৰু সহঃ সম্পাদনাৰ দায়িত্বত আছে পুস্পা দেৱী আৰু ডেইজী দেৱী।উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে চেঙাস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য প্ৰদীব দেৱ বায়ন, প্ৰাক্তন ছাত্ৰনেতা খনীন পাঠক, সমাজসেৱক অঞ্জন ৰয়, ব্যাসকুছি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰশান্ত পাঠক, সাংস্কৃতিক কৰ্মী দেৱৰাজ পাঠক, প্ৰমথেশ ঠাকুৰীয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে।

উল্লেখ্য যে বৃহত্তৰ চেঙা অঞ্চলত পোন প্ৰথমবাৰৰ বাবে যোৱাবছৰ বিহুনাচৰ কৰ্মশালা অনুষ্ঠিত কৰিছিল চেঙাস্থিত চিএচচি বাল বিদ্যালয়ে। কণ কণ নাচনীসকলক শুদ্ধ ৰূপত বিহুনাচ শিকোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে চিএচচি বাল বিদ্যালয়ৰ অধ্যক্ষ বসন্ত ঠাকুৰীয়াই।