কৌশলৰে লুটি নিলে সোণৰ আ-অলংকাৰ কাপোৰ ইত্যাদি।
অন্ধবিশ্বাসৰ কৱলত পৰি এটা পৰিয়ালে হেৰুৱালে ঘৰৰ সম্পদ।
ফটিক মৰাণ নামৰ লোকজনৰ পৰিয়ালৰ সৈতে সংঘটিত এই ঘটনা।
এটি দুবছৰীয়া ৰোগীয়া সন্তানক আৰোগ্য কৰাৰ উদ্দেশ্যে তান্ত্ৰিকৰ কাষ চাপিছিল পৰিয়ালটো।
কথা ক’ব নোৱাৰা সন্তানটিৰ তিনিদিনৰ ভিতৰত মাত ফুটিব বুলি আশ্বাস দিছিল তান্ত্রিক দম্পতীয়ে
নিজকে তিনিচুকীয়াৰ হাপজানৰ বুলি পৰিচয় দি ফোন নম্বৰো দি যায় তান্ত্রিক দম্পতীয়ে
ইফালে তান্ত্রিকে বান্ধি দিয়া সময়সীমা অন্ত পৰাত চন্দুকটো খোলাত পোহৰলৈ আহে প্রকৃত ঘটনা