কণ্ঠশিল্পী ভিতালী দাসৰ স্বামী ভূপেন দাসৰ আজি মহানগৰীৰ গাড়ীগাঁওস্থিত নিজ বাসগৃহত কিছুসময় পূৰ্বে মৃত্যু হয়। উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ ভূপেন দাসে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, বিগত ২০২১ চনৰ ২১ এপ্ৰিলত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে। আজি ভিতালী দাসৰ স্বামী ভূপেন দাসৰ মৃত্যুৰ লগে লগে পিতৃকো হেৰুৱাই নিথৰুৱা হ’ল কমলিকা কাশ্যপ।
