• Home
  • অসম
  • জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে
Image

জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে

“জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ”

জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়,
জুবিনৰ গাৰ্গৰ চৰিত্ৰহননত নামি পৰা একাংশৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জুবিনৰ ভগ্নী পামী বৰঠাকুৰে

সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নীয়ে লিখিছে,

সংযমী হৈ আছো, দুৰ্বল নহয়!

কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ থলো….

১) এই কথাখিনি লিখিবলৈ বাধ্য হৈছো কাৰণ জুবিন গাৰ্গৰ চৰিত্ৰ হনন আৰু গৰিমা গাৰ্গৰ নিন্দাই চৰম সীমা পাইছেগৈ। যাৰ ফলত গৰিমা গাৰ্গ বাৰে বাৰে অসুস্থ হৈছে। কি আসুৰিক ফূৰ্তিৰ কাৰণে এইয়া মুখা পিন্ধা বন্ধু আৰু অনুৰাগীয়ে কৰিছে মই বুজাত অপাৰগ।
২) আমাৰ যুঁজ হৈছে ন্যায়ৰ যুঁজ, জুবিন গাৰ্গৰ বাবে ন্যায়ৰ যুঁজ, পৰচৰ্চা আৰু নিন্দাই ন্যায় নিদিয়ে। জুবিন গাৰ্গৰ বিকল্প নাই, তাক বিচাৰিও লাভ নাই, কিন্তু জুবিন গাৰ্গে যি সাহস আৰু মানৱীয়তাৰ বীজ প্ৰতিজন অসমীয়াৰ প্ৰাণত প্ৰতিষ্ঠা কৰি গ’ল সেই অলপ অলপ জুবিন গাৰ্গ নিজৰ মাজত জগাই তোলক, তেতিয়াহে অসম আৰু অসমীয়া বাচিব। জুবিন গাৰ্গে ন্যায় পাব।
৩) গৰিমা গাৰ্গ এ Chargesheet খন লৈ সন্তুষ্ট হ’ল বুলি কেতিয়া ক’লে? তেওঁ কৈছিল যে মূল অভিযুক্ত কেইজনক দিয়া Section আৰু sub-section কেইটা আমি ভাল পাইছো। Chargsheet আমি এতিয়ালৈকে পঢ়িবলৈ এ পোৱা নাই, যেতিয়া signature/seal মৰা copy পাম তেতিয়াহে পঢ়িম। সন্তুষ্টি – অসন্তুষ্টি ৰ কথা নাই ইয়াত। SIT, Honourable CM আৰু মহামান্য কৰ্ট ৰ ওপৰত আমাৰ আস্থা আছে আৰু এই আস্থাৰ মান ৰাখিব বুলিএ মানিছো। নিজৰ স্থিতিত অটল আছো।
৪) গৰিমা গাৰ্গ ছিংগাপুৰলৈ FIR দিবলৈ এই কাৰণেই যোৱা নাই যে জুবিন গাৰ্গৰ case টো আমাৰ পৰিয়ালৰ আৰু অসমবাসীৰ হৈ চৰকাৰে investigation কৰাইছে, অসমত আৰু ছিংগাপুৰটো। আকৌ বেলেগকৈ ছিংগাপুৰত গৰিমা গাৰ্গে investigation কৰাই দ্বিমত generate কৰাই কিবা লাভ হব নিকি? ছিংগাপুৰ পুলিচৰ investigation report দুৰ্ঘটনাৰ সময়ত আৰু এতিয়াও দুইবাৰ একেই দিছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰী ৰ তদন্তৰ পিছত যদি একেই থাকে তেতিয়া justice for Zubeen Garg হ’ব নে justice denied হ’ব? Guarantee কোনে দিব?
৫) য়তত থকা ছিংগাপুৰ ৰ অসমীয়া কেইজন কোন ‘breed’ ৰ মই বুজি নেপালো, SIT আৰু স্বয়ং CM এ বাৰম্বাৰ মতাৰ পিছতো গোটেইকেইজন অসমলৈ নাহিল সহযোগ কৰিবলৈ। যি দুজনমান আহিল তাৰে অভিমন্যু তালুকদাৰ বোলা জনে অকল হাঁহিয়ে থাকিল মেডিয়াৰ আগত! জুবিন গাৰ্গৰ মৃত্যু কি তেঁওৰ কাৰনে হাস্যজনক? ইমান স্পৰ্ধা! য়তত থকা গোটেইকেইজন আদালতৰ কাঠগৰাত আহি আমাক সত্য কওক।
৬) The Court will decide who is guilty and who is not based on facts and evidences, অভিযুক্ত সকলক ‘ নিৰ্দোষী’ বুলি আগতেই অপপ্ৰচাৰ নচলাব।

জুবিন গাৰ্গৰ ভগ্নী বা পত্নী হোৱা সহজ নহয়, যি কুৰা জুই যোৱা তিনিমাহে জ্বলিছে তাৰ উত্তাপ আৰু বিষাদ তিলমানো কমা নাই, বৰঞ্চ বাঢ়িছেহে! আপোনালোকে নুবুজিব। কাৰণ আপোনালোকৰ জীৱন এতিয়া normalised হৈ গৈছে, ফূৰ্তি কৰিছে, reel বনাইছে, বদনাম গাইছে… কিন্তু আমাৰ জীৱন স্থবিৰ হৈ গ’ল এটা তাৰিখত!
জুবিন গাৰ্গ অসমৰ কাৰনে আশীৰ্বাদ স্বৰূপে আহিছিল, আমি ভাগ্যবান! তেওঁক উদযাপন কৰক সৃষ্টিৰ জৰিয়তে, মানৱীয়তাৰ জৰিয়তে…. কিন্তু ৰাজনীতি কৰি নহয়।
Justice for Zubeen Garg প্ৰকৃত অনুৰাগী সকলেহে লিখিব, মুখা পিন্ধাবোৰে নহয়।

JusticeForZubeenGarg

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top