• Home
  • অসম
  • USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা

USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা

প্ৰেছ বিজ্ঞপ্তিUSTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬Ri-Bhoi, Meghalaya|06 February 2026: USTM- ত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰী, ২০২৬ লৈকে কেম্পাছৰ ক্ৰীড়া কমপ্লেক্সত AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬ (পুৰুষ আৰু মহিলা) আয়োজন কৰিবলৈ সাজু হৈছে বিদ্যালয় কৰ্তিপক্ষ।এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী মাননীয় শ্ৰী ৱাইলাডমিকি শ্যল্লা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব , যাৰ উপস্থিতিয়ে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা খেলুৱৈ, বিষয়াবলী আৰু অংশগ্ৰহণকাৰী দলসমূহক উৎসাহিত কৰিব।Association of Indian Universities (AIU)-ৰ অধীনত অনুষ্ঠিত এই পাঁচদিনীয়া প্ৰতিযোগিতাত পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শীৰ্ষ হেণ্ডবল দলসমূহে অংশগ্ৰহণ কৰিব। তীব্ৰ গতিৰ খেল, দলীয় সমন্বয়, শৃংখলা আৰু ক্ৰীড়াৰ সঁচা মনোভাৱ এই প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ হব।অংশগ্ৰহণকাৰী আৰু দৰ্শকৰ বাবে এক উৎকৃষ্ট ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰিবলৈ USTM-এ উন্নত মানদণ্ডৰ সুবিধা, সুসংগঠিত ব্যৱস্থা আৰু সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাই বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে আশে-পাশে অঞ্চলৰ দৰ্শকৰ মাজতো ক্ৰীড়া চেতনা আৰু সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে।এই প্ৰতিষ্ঠিত AIU প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে USTM-এ শৈক্ষিক উৎকর্ষতাৰ সৈতে ক্ৰীড়াৰ প্ৰচাৰো সমান গুৰুত্ব দিয়ে অহাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে আৰু নবীন খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক শক্তিশালী মঞ্চ আগবঢ়াইছে।উল্লেখযোগ্য যে USTMয়ে আঞ্চলিক আৰু বিশ্বব্যাপী সমস্যাসমূহ সমাধানমুখী আধুনিক গৱেষণাক উৎসাহিত কৰি আহিছে। NIRF ২০২৪ত ভাৰতৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা এই বিশ্ববিদ্যালয়খন উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় যিয়ে প্ৰথম চক্রতেই NAACৰ পৰা ‘A’ গ্ৰেড লাভ কৰিছে।

Releated Posts

১ লাখ ৬৫ হাজাৰক দিয়া হ’ল চাকৰি বৰ্তমান চৰকাৰৰ অন্তিমটো নিযুক্তি প্ৰদান অনুষ্ঠান

নিৰ্বাচনৰ প্ৰাকক্ষণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে অন্তিমটো নিযুক্তি অনুষ্ঠানৰ আয়োজন কৰে । বৃহস্পতিবাৰে গুৱাহাটীৰ খানাপাৰাত এক…

ByByMahesh Malakar Mar 13, 2026

বিশিষ্ট ক্ৰীড়া সাংবাদিক-সংগঠক প্ৰেমধৰ শৰ্মাৰ দেহাৱসান

ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক, বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা আৰু নাই । দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত কাৰণত শয্যাশায়ী হৈ…

ByByMahesh Malakar Mar 13, 2026

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ,গুৱাহাটী, বৰাকত কেইবাটাও…

ByByMahesh Malakar Mar 12, 2026

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি

ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ।উত্তৰ লস্কৰপথাৰৰ নালু গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ…

ByByMahesh Malakar Mar 12, 2026
Scroll to Top