Image

খেৰণিৰ কাণ্ডক লৈ আজি ত্ৰিপাক্ষিক বৈঠক

খেৰণিৰ কাণ্ডক লৈ আজি ত্ৰিপাক্ষিক বৈঠক

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত সংঘটিত উত্তেজনাময় পৰিস্থিতিক লৈ আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব। উক্ত ত্ৰিপাক্ষিক আলোচনাখন প্ৰতিবাদকাৰী, কাৰ্বি স্বায়ত্তশাসিত পৰিষদ আৰু ৰাজ্য চৰকাৰৰ মাজত অনুষ্ঠিত হ’ব।

দিছপুৰত মুখ্যমন্ত্ৰীৰ সৈতে হ’বলগীয়া এই বৈঠকত কাৰ্বি যুৱ নেতা লিটচন ৰংফাৰৰ নেতৃত্বত আন্দোলনকাৰী প্ৰতিনিধিবৰ্গ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকিব।

বৈঠকত স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা সমষ্টিত একোজনকৈ প্রতিনিধিও উপস্থিত থাকিব। মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে কালি সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, আলাপ-আলোচনাৰ মাজেৰে খেৰণিৰ সমস্যা সমাধানৰ চেষ্টা চলোৱা হ’ব। বৈঠকত কাৰ্বি পাহাৰৰ দুয়োখন জিলাৰ পিজিআৰ আৰু ভিজিআৰ ভূমিত বেদখল উচ্ছেদৰ ব্যৱস্থা আৰু পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হ’ব।

খেৰণিৰ পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক হৈছে। কালিৰ দিনটোত অঞ্চলটোত কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই। সেনা-আৰক্ষীয়ে পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। বিগত দিনকেইটাত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ পাছত অঞ্চলটোলৈ ক্ৰমাৎ শান্তি ঘূৰি আহিছে। পৰিস্থিতি কিছু স্বাভাৱিক হোৱাত সাধাৰণ জীৱনযাত্ৰা আৰম্ভ হৈছে। অঞ্চলটোৰ দুই-এখন ব্যৱসায়িক প্ৰতিষ্ঠানো খোলা পৰিলক্ষিত হৈছে।

Releated Posts

ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি

ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি ৰাজ্যৰ প্ৰশাসনত ৰদ-বদল। ৰাজ্যৰ ১৪জনকৈ জিলা আয়ুক্তক বদলি কামৰূপ(ম)ৰ আয়ুক্ত…

ByByMahesh MalakarDec 25, 2025

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025
Scroll to Top