• Home
  • অসম
  • আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান
Image

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ অন্তিম দিনটোত শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে মাৰাথন প্ৰচাৰ চলাব শাসক-বিৰোধীয়ে।প্ৰচাৰৰ অভিযানৰ অন্তিম দিনটোত আজি বৰাক উপত্যকাত ৩খনকৈ প্ৰচাৰ সভাত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। শ্ৰীভূমিৰ পাথাৰকান্দিত অমিত শ্বাহৰ নিৰ্বাচনী জনসভা অংশ ল’ব অমিত শ্বাহে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী কৃষ্ণেন্দু পালৰ হৈ অমিত শ্বাহে প্ৰচাৰ চলাব। পাথাৰকান্দিৰ কালাছড়াত বিজেপিৰ বিশাল জনসভা সম্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। হাইলাকান্দিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ড০ মিলন‌ দাসৰ হৈ প্ৰচাৰ চলাব শ্বাহে।বিয়লি শিলচৰত অমিত শ্বাহে অংশ ল’ব অমিত শ্বাহৰ জনসভা। বিয়লি শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব অমিত শ্বাহৰ জনসভা। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয় আৰু ৰাজদ্বীপ গোৱালাৰ হৈ চলাব প্ৰচাৰ অমিত শ্বাহে। নিৰ্বাচনী প্ৰচাৰ সামৰিয়ে দিল্লীলৈ উভতিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

Scroll to Top