• Home
  • অসম
  • কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন
Image

কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন

কৰ্মচাৰীৰ কৰ্মবিৰতি তথা ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন ।

আজিৰ দিনটোতো সমকাম সমদৰমহাৰ দাবীত অটল বাক্সা জিলা NHM কৰ্মচাৰীসকল।

NHM কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ সেৱা ব্যৱস্থা।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সতে সম মৰ্যদা বিচাৰি ৩ নৱেম্বৰ তাৰিখৰ পৰা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল NHM কৰ্মচাৰীসকলে।

বাক্সা জিলাৰ জিলা কেন্দ্ৰত ধৰ্না কাৰ্যসূচীত আজিৰ দিনটোতো অংশগ্ৰহণ কৰে NHM ৰ শতাধিক কৰ্মচাৰীয়ে।

আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানি লওক, we need justice,NHM জিন্দাবাদ, পে স্কেল প্ৰদান কৰক,সমকামৰ সমদৰমহা প্ৰদান কৰক আদি দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।

সমকামৰ সমদৰমহাৰ দাবীৰ তিনিদিনীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে NHM কৰ্মচাৰীসকলে।

তেওঁলোকৰ দীৰ্ঘদিনীয়া সমকামৰ সম দৰমহাৰ দাবীৰ প্ৰতি চৰকাৰে কেনো গুৰুত্ব প্ৰদান নকৰাত প্ৰতিবাদত নামিছে কৰ্মচাৰীসকলে।

কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰি তেওঁলোকক পুনৰ কৰ্মক্ষেত্ৰলৈ উভতাই অনাৰ বাবে চৰকাৰলৈ আহ্বান জনাই বাকসা জিলা স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও আঙুলি টোৱাইছে কৰ্মচাৰী সকলে।

Releated Posts

৭টা সমষ্টিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণা

কাইলৈ বিধানসভা নিৰ্বাচন মনোনয়নৰ দাখিল অন্তিম দিন। অৱশেষত মনোনয়ন দাখিলৰ অন্তিম দিনাৰ পূৰ্বে প্ৰকাশ পালে কংগ্ৰেছৰ চতুৰ্থখন প্ৰাৰ্থী…

ByByMahesh Malakar Mar 22, 2026

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা

তৃণমূল কংগ্ৰেছৰ দ্বিতীয় প্ৰাৰ্থীৰ তালিকা হাজো-শুৱালকুছি- ৰৌজি আহমেদ ( ফুনু দাস) মন্দিয়া- শ্বেৰমান আলী আহমেদ মধ্য গুৱাহাটী: অভিজিৎ…

ByByMahesh Malakar Mar 22, 2026

৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা

১১টা সমষ্টি ৰাইজৰ দলক এৰি ৭টা সমষ্টিত প্ৰাৰ্থিত্ব দি কংগ্ৰেছে প্ৰকাশ কৰিলে চতুৰ্থখন তালিকা জালুকবাৰী: বিদিশা নেওগ টংলা…

ByByMahesh Malakar Mar 21, 2026

ধুবুৰীৰ ঈদগাহত ১০ হাজাৰ লোকে আদায় কৰিলে ঈদৰ নামাজ

 আজি পৱিত্ৰ ঈদ উল ফিতৰ। বিশ্বৰ আন প্ৰান্তৰ দৰেই ধুবুৰীতো পৱিত্ৰ ঈদ উল ফিতৰ উৎসৱ উলহ-মালহেৰে পালন কৰা…

ByByMahesh Malakar Mar 21, 2026
Scroll to Top