• Home
  • দেশ
  • আজি ভাৰতীয় নৌ সেনা দিৱস
Image

আজি ভাৰতীয় নৌ সেনা দিৱস

আজি ভাৰতীয় নৌ সেনা দিৱস

প্ৰতি বছৰে ৪ ডিচেম্বৰত পালন কৰা হয় ভাৰতীয় নৌ সেনা দিৱস। এই দিৱসত স্মৰণ কৰা হয় ভাৰতীয় নৌ সেনাৰ শ্বহীদ বীৰসকলক। উল্লেখ্য যে, ১৯৭১চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধত ভাৰতীয় নৌ সেনা বিজয়ী হোৱাৰ আনন্দত পালন কৰা হয় নৌ সেনা দিৱস।

ইতিহাস অনুসৰি ১৬১২ চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতীয় নৌসেনা প্ৰতিষ্ঠা কৰিছিল। ১৯৭১ চনত ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত পাকিস্তানে ৩ ডিচেম্বৰত ভাৰতীয় বিমানবন্দৰত আক্ৰমণ চলায়। তেওঁলোকৰ আগ্ৰাসী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় নৌসেনাই ৪ আৰু ৫ ডিচেম্বৰৰ নিশা আক্ৰমণৰ পৰিকল্পনা কৰিছিল, কিয়নো পাকিস্তানৰ হাতত বোমাবৰ্ষণ কৰিবলৈ বিমান নাছিল।

এই আক্ৰমণৰ সময়ত শ শ পাকিস্তানী নৌসেনাৰ জোৱান নিহত হয়। ভাৰতীয় নৌসেনাৰ সমগ্ৰ অভিযানৰ নেতৃত্ব দিছিল কমোডৰ কাছাৰগোড পট্টানশ্বেট্টী গোপাল ৰাৱে। পাকিস্তানক তেতিয়া যোগ্যপ্ৰত্যুত্তৰ দিয়াৰ বাবে আৰম্ভ কৰা হৈছিল ‘অপাৰেশ্যন ট্ৰাইডেন্ট’। এই অভিযানত লক্ষ্য কৰি লোৱা হৈছিল পাকিস্তানৰ নৌ সেনাৰ কৰাছীস্থিত মুখ্য কাৰ্যালয়।

এই অভিযান চলাই ভাৰতীয় নৌ সেনাৰ এখন মিছাইল নাও আৰু দুখন যুদ্ধ-পোটৰ এটা দলে কৰাছীৰ সাগৰীয় পাৰত থকা জাহাজসমূহত আক্ৰমণ চলাইছিল। এই যুদ্ধতে প্ৰথমবাৰলৈ ব্যৱহাৰ কৰা হৈছিল এন্টি ছীপ মিছাইল। ভাৰতীয় নৌ সেনাৰ এই আক্ৰমণত পাকিস্তান সেনাৰ বহু কেইখন জাহাজ ধ্বংস হৈ যায়।

১৯৭২ চনৰ মে’ মাহত অনুষ্ঠিত হোৱা জ্যেষ্ঠ নৌসেনা বিষয়া সন্মিলনত ১৯৭১ চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতীয় নৌসেনাৰ প্ৰচেষ্টা আৰু সাফল্যক স্বীকৃতি দিবলৈ ৪ ডিচেম্বৰত ভাৰতীয় নৌসেনা দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হয়। ভাৰতীয় নৌসেনাৰ দিৱস ২০২২ ভাৰতীয় নৌসেনাৰ ক্ষেপণাস্ত্ৰ নাৱেৰে কৰাচীত অপাৰেচন ট্ৰাইডেণ্টৰ বিজয় উপলক্ষে উদযাপন কৰা হ’ব।

Releated Posts

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম

বিজয় থালাপাতিৰ ঘনিষ্ঠ বন্ধুৱে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম তামিল অভিনেতা তথা বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে…

ByByMahesh Malakar May 31, 2026

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ

অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দৰ্শনীয় ইনিংছ হাজাৰ কষ্টৰেও সপোন জয় কৰিব নোৱাৰিলে বৈভৱে এটাৰ পিছত আন এটা ৰেকৰ্ড…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয়

১৫ হাজাৰ টকাত বাংলাদেশী হৈ পৰে ভাৰতীয় মাত্ৰ ১৫ হাজাৰ টকা দিলেই এৰাতিৰ ভিতৰত বাংলাদেশী হৈ পৰে ভাৰতীয়…

ByByMahesh Malakar May 30, 2026
Scroll to Top