Image

আজি চ্যুকাফা দিৱস

আজি সমগ্ৰ অসমবাসীয়ে পালন কৰিব চ্যুকাফা দিৱস। আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেও চাওলুং চ্যুকাফাৰ নেতৃত্বত ১২২৮ চনৰ ২ ডিচেম্বৰত আহোমসকলে পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি দিছিল। এই ঐতিহাসিক দিনটোক চিৰস্মৰণীয় ৰখাৰ মানসেৰে স্বৰ্গদেও চাওলুং চ্যুকাফাৰ স্মৃতিত প্ৰতিবছৰে ‘অসম দিৱস’ পালন কৰা হয়।

১৯৭২ চনত ছৈখোৱা অঞ্চলৰ সমাজকৰ্মী ভীমকান্ত বুঢ়াগোঁহাইয়ে ২ ডিচেম্বৰৰ দিনটো চ্যুকাফা দিৱস হিচাপে উদযাপন কৰাৰ উদ্দেশ্য শদিয়াৰ মৌজাদাৰ আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ লগত আলোচনা কৰে। সভাখনৰ উদ্বোধক আছিল অসম সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ বৰা। নিৰ্দিষ্ট বক্তা আছিল ড॰ নগেন শইকীয়া আৰু সভাখনৰ সভাপতি আছিল ড॰ লীলা গগৈ। বক্তৃতা প্ৰসংগত ড॰ লীলা গগৈয়ে ২ ডিচেম্বৰ দিনটো চ্যুকাফা দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰিবলৈ দাবী জনাব লাগে বুলি প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছৰ পৰাই সমগ্ৰ ৰাজ্যতে স্বৰ্গদেউ চুকাফাক স্মৰণ কৰি চ্যু-কা-ফা দিৱস তথা অসম দিৱস উদযাপন কৰি অহা হৈছে।

Releated Posts

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026

কাইলৈ গৰু বিহু

কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…

ByByMahesh Malakar Apr 13, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026
Scroll to Top