• Home
  • অসম
  • ছিপাঝাৰৰ খটৰা সত্ৰত পাচেতি মহোৎসৱ আৰম্ভ
Image

ছিপাঝাৰৰ খটৰা সত্ৰত পাচেতি মহোৎসৱ আৰম্ভ

১৫৬৮ খ্ৰীষ্ট্ৰাব্দত প্ৰতিষ্ঠিত ছিপাঝাৰৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰত মঙ্গলবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পাচেতি মহোৎসৱ।

প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাৱেশ হয় খটৰা সত্ৰৰ পাচেতি মহোৎসৱত। খটৰা সত্ৰৰ পাচেতি মহোৎসৱৰ দ্ধাৰ উন্মোচন কৰি চাৰিদিনীয়া মহোৎসৱ মুকলি কৰে দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে।

মহোৎসৱৰ লগত সংগতি ৰাখি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে ফলক উন্মোচনেৰে সত্ৰৰ বহুমূখী ভৱনটি সদ্য প্ৰয়াত দৰং জিলা পৰিষদৰ সদস্য হেমন্ত কুমাৰ ডেকাৰ সোঁৱৰণত নামাকৰণ কৰে।

পাচেতি মহোৎসৱৰ বন্তি প্ৰজ্জ্বলন কৰে বেঙাবৰা সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডেকাই। নিশা সত্ৰৰ শিল্পীসকলে পাচেতি উৎসৱৰ ‘দধি মথন’ ভাওনা পৰিৱেশন কৰে।

আধ্যাত্মিক দিশৰ উপৰিও পাচেতি মহোৎসৱৰ ন ন ৰূপে ক্ৰমাৎ বৃদ্ধি কৰিছে পাচেতিৰ গুৰুত্ব। উৎসৱৰ চাৰিওটা দিনত লক্ষাধিক ভক্তৰ সমাৱেশ হ’ব বুলি সত্ৰ পৰিচালনা সমিতিয়ে আশা প্ৰকাশ কৰে।

Releated Posts

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক সকলো নাৰীকে মানুহ বুলি ভাবক আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়…

ByByMahesh Malakar Apr 18, 2026

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য…

ByByMahesh Malakar Apr 18, 2026

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু

জুবিন গাৰ্গবিহীন অসমীয়াৰ প্ৰথমটো ৰঙালী বিহু উৰুঙা ব’হাগৰ বিহু মঞ্চ আজি জুবিন দাৰ অনুষ্ঠান কত বুলি কবলৈ আমাৰ…

ByByMahesh Malakar Apr 14, 2026

আজি গৰু বিহু

অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকোতাতোকৈ চেনেহৰ বহাগৰ বিহুটিনাপাতি কেনেকৈ থাকো আজি গৰু বিহু। পুৱাই নৈ-জান-জুৰিত গৰুক…

ByByMahesh Malakar Apr 14, 2026
Scroll to Top