ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী সংস্থাপনৰ সিদ্ধান্ত ৷ ৰাজ্য চৰকাৰৰ কেবিনেটৰ এক সিদ্ধান্তই আনন্দিত কৰি তুলিছে তিনিচুকীয়া জিলাবাসীৰ লগতে ৰাজ্যবাসীক । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সন্ধিয়া এক সংবাদমেলৰ জৰিয়তে প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনাৰ বকলিয়াল গগৈক চৰকাৰী চাকৰিৰ তৃতীয় বৰ্গত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ এই ঘোষণাটো কৰাৰ পাছতে আনন্দিত হৈধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে ৷এই সন্দৰ্ভত প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈয়ে কয়, “যিহেতু ২০২৫ চনৰ ১৩ জানুৱাৰীত সংগীতানুষ্ঠান পৰিৱেশন কৰি থকাৰ সময়তে মোৰ স্বামী ৰাজীৱ শদিয়াই শেষ নিশ্বাস ত্যাগ কৰিছিল । আমাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰীগৰাকী হঠাৎ নাইকিয়া হৈ যোৱাত মই আচলতে দিশহাৰা হৈ গৈছিলোঁ । মোৰ একমাত্ৰ সন্তানটিৰ লগতে পৰিয়ালটোৰ কাৰণে যথেষ্ট চিন্তিত হৈ পৰিছিলোঁ ৷ আগন্তুক দিনসমূহত চৰকাৰৰ এই সিদ্ধান্তই হয়তো মোৰ সন্তানটিৰ সৈতে পৰিয়ালটোক এক সুৰক্ষিত গতিৰে লৈ যাব পাৰিম । গতিকে মই পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।”

প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ পত্নী উপাসনা বকলিয়াল গগৈক চৰকাৰী চাকৰি প্ৰদান
Tags:
Releated Posts
যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া
যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…
অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল
অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…
আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি
আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…
আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি
আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…











