• Home
  • ক্ৰীড়া
  • USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬
Image

USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

প্ৰেছ বিজ্ঞপ্তি
USTM-ত ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হব AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

Ri-Bhoi, Meghalaya|06 February 2026: USTM- ত ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰী, ২০২৬ লৈকে কেম্পাছৰ ক্ৰীড়া কমপ্লেক্সত AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬ (পুৰুষ আৰু মহিলা) আয়োজন কৰিবলৈ সাজু হৈছে বিদ্যালয় কৰ্তিপক্ষ।
এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মেঘালয়ৰ ক্ৰীড়া মন্ত্ৰী মাননীয় শ্ৰী ৱাইলাডমিকি শ্যল্লা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব , যাৰ উপস্থিতিয়ে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা অহা খেলুৱৈ, বিষয়াবলী আৰু অংশগ্ৰহণকাৰী দলসমূহক উৎসাহিত কৰিব।

Association of Indian Universities (AIU)-ৰ অধীনত অনুষ্ঠিত এই পাঁচদিনীয়া প্ৰতিযোগিতাত পূৰ্বাঞ্চলৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শীৰ্ষ হেণ্ডবল দলসমূহে অংশগ্ৰহণ কৰিব। তীব্ৰ গতিৰ খেল, দলীয় সমন্বয়, শৃংখলা আৰু ক্ৰীড়াৰ সঁচা মনোভাৱ এই প্ৰতিযোগিতাৰ মুখ্য আকৰ্ষণ হব।
অংশগ্ৰহণকাৰী আৰু দৰ্শকৰ বাবে এক উৎকৃষ্ট ক্ৰীড়া পৰিৱেশ সৃষ্টি কৰিবলৈ USTM-এ উন্নত মানদণ্ডৰ সুবিধা, সুসংগঠিত ব্যৱস্থা আৰু সকলো ধৰণৰ প্ৰয়োজনীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাই বিশ্ববিদ্যালয় পৰিয়ালৰ লগতে আশে-পাশে অঞ্চলৰ দৰ্শকৰ মাজতো ক্ৰীড়া চেতনা আৰু সুস্থ প্ৰতিযোগিতাৰ মনোভাৱ জগাই তুলিব বুলি আশা কৰা হৈছে।

এই প্ৰতিষ্ঠিত AIU প্ৰতিযোগিতা আয়োজনৰ জৰিয়তে USTM-এ শৈক্ষিক উৎকর্ষতাৰ সৈতে ক্ৰীড়াৰ প্ৰচাৰো সমান গুৰুত্ব দিয়ে অহাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছে আৰু নবীন খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক শক্তিশালী মঞ্চ আগবঢ়াইছে।
উল্লেখযোগ্য যে USTMয়ে আঞ্চলিক আৰু বিশ্বব্যাপী সমস্যাসমূহ সমাধানমুখী আধুনিক গৱেষণাক উৎসাহিত কৰি আহিছে। NIRF ২০২৪ত ভাৰতৰ শীৰ্ষ ২০০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা এই বিশ্ববিদ্যালয়খন উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ব্যক্তিগত বিশ্ববিদ্যালয় যিয়ে প্ৰথম চক্রতেই NAACৰ পৰা ‘A’ গ্ৰেড লাভ কৰিছে।

Releated Posts

 ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ ৰাজস্থান ৰয়েলছৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ জয়লাভ। গুৱাহাটীত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৬ উইকেটত জয়লাভ কৰে ৰাজস্থান ৰয়েলছে।প্ৰথমে…

ByByMahesh Malakar Apr 11, 2026

বৰ্ষাপাৰাত ২৭ ৰানত জয়লাভ ৰিয়ান পৰাগ বাহিনীৰ

বৰ্ষাবিঘ্নিত মেচত ৰাজস্থান ৰয়েলছৰ হাতত ২৭ ৰানত পৰাস্ত হয় হাৰ্দিক পাণ্ডিয়াৰ মুম্বাই ইণ্ডিয়ানছ। প্ৰথমে বেটিং কৰি ৩ উইকেটত…

ByByMahesh Malakar Apr 8, 2026

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ

আজি গুৱাহাটীত IPLৰ প্ৰথমখন মেচ সমুখসমৰত RR vs CSK অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত নামিব ৰাজস্থান ৰয়েলছ চেন্নাই…

ByByMahesh Malakar Mar 30, 2026

 দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট বৰ্ষাপাৰাত ধোনীক চোৱাৰ পৰা বঞ্চিত হ’ব অনুৰাগী

কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মেচ। ইতিমধ্যে ৪দিন পূৰ্বৰে পৰা গুৱাহাটীত…

ByByMahesh Malakar Mar 29, 2026
Scroll to Top