দুলীয়াজানৰ মধুটিঙত চা****ল্যকৰ ঘটনা । মধুটিঙ বঙালী গাঁৱত উদ্ধাৰ এটি নৱজাতকৰ মৃ*** ।

এখন ধাননি পথাৰত নৱজাতকটিক প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নৱজাতকটিক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । এই পৰ্যন্ত নৱজাতকটিক আৰক্ষীয়ে চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই । কোনো লোকে নৱজাতকটিক পথাৰত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । শেহতীয়াকৈ … Read more

দুলীয়াজানত চাঞ্চল্যকৰ ঘটনা। দুলীয়াজানৰ কমলাবাৰী পথৰ দাঁতিত নলাত উদ্ধাৰ যুৱকৰ মৃতদেহ ।

উদ্ধাৰ হোৱা মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে দুলীয়াজানৰ মধুটিং অঞ্চলৰ প্ৰয়াত কানু গগৈৰ পুত্ৰ ৰিপ গগৈ বুলি চিনাক্ত কৰিছে । ইফালে মৃতদেহৰ কাষত এখন মটৰচাইকেল,দুটা হেলমেট আৰু দুযোৰ চেণ্ডেল আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে । কি পৰিস্থিতিত যুৱকজনৰ মৃত্যু হ’ল এই পৰ্যন্ত আৰক্ষীয়ে নিশ্চিতি প্ৰদান কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে … Read more