• Home
  • দুৰ্ঘটনা
  • কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত ভয়ংকৰ বিস্ফোৰণ
Image

কূটাঘাত নে দুৰ্ঘটনা! কাশ্মীৰৰ নৌগাম থানা চৌহদত ভয়ংকৰ বিস্ফোৰণ

এক শক্তিশালী বিস্ফোৰণে কঁপাই তুলিলে কাশ্মীৰক। কাশ্মীৰৰ নৌগাম থানা চৌহদত সংঘটিত শক্তিশালী বিস্ফোৰণত এতিয়ালৈকে ৯ জন লোক নিহত হোৱাৰ লগতে আন বহু লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি শুকুৰবাৰে গভীৰ নিশা আন এক প্ৰবল বিস্ফোৰণত কঁপি উঠিল জম্মু–কাশ্মীৰ। উপত্যকাটোৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰৰ নৌগাম থানাৰ চৌহদত যোৱা নিশা সংঘটিত হয় এক ভয়ানক বিস্ফোৰণ।

সূত্ৰ অনুসৰি, ফৰিদাবাদত জব্দ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকা অৱস্থাত আকস্মিকভাৱে এই বিস্ফোৰণ সংঘটিত হয় আৰু ইয়াৰ ফলস্বৰূপে ৯ জন আৰক্ষী নিহত হয়। ইপিনে কাশ্মীৰ আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই এই ঘটনাৰ সৈতে সন্ত্ৰাসবাদীৰ কোনো হাত নাই বুলি প্ৰকাশ কৰিছে।

এয়া এক দুৰ্ঘটনা বুলিহে আৰক্ষীয়ে কৈছে। এই বিস্ফোৰণত আৰক্ষী আৰু সাধাৰণ লোকসহ ২৭ জন ব্যক্তি আহত হৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।শেহতীয়াকৈ সন্ত্ৰাসবাদী মডিউলৰ গোচৰৰ সৈতে জড়িত হাৰিয়ানাৰ ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণত আহতসকলৰ ভিতৰত অধিকাংশই আৰক্ষী আৰু ফৰেনছিক বিষয়া বুলি তেওঁলোকে সদৰী কৰিছে। বিস্ফোৰণস্থলীৰ পৰা ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে

Releated Posts

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা…

ByByMahesh Malakar Apr 13, 2026

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ

পৱন খেড়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম চৰকাৰ তেলেংগানা উচ্চ ন্যায়ালয়ে দিয়া অগ্ৰিম জামিনৰ বিৰুদ্ধে আবেদন তেলেংগানা উচ্চ…

ByByMahesh Malakar Apr 13, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান

জনপ্ৰিয় কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা ভোছলে…

ByByMahesh Malakar Apr 12, 2026
Scroll to Top