Image

ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে ইউএছটিএমত “ৰ’বটিক্স স্কিল ৱৰ্কশ্বপ” অনুষ্ঠিত


ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে ইউএছটিএমত “ৰ’বটিক্স স্কিল ৱৰ্কশ্বপ” অনুষ্ঠিত
Ribhoi 9th Mile 11th May, 2026: University of Science and Technology Meghalaya-ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু কম্পিউটাৰ বিজ্ঞান বিভাগে যৌথভাৱে “ৰ’বটিক্স স্কিল ৱৰ্কশ্বপ” আয়োজন কৰে। ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস ২০২৬ উপলক্ষে আয়োজিত এই অনুষ্ঠানটো ইউএছটিএমৰ ৰ’বটিক্স ক্লাবৰ সহযোগত ১১ মে’, ২০২৬ তাৰিখে অনুষ্ঠিত হয়। এই কৰ্মশালাই শিক্ষাৰ্থীসকলক ৰ’বটিক্স, অট’মেচন আৰু উদীয়মান প্ৰযুক্তিৰ ভৱিষ্যৎ সম্পৰ্কে অধিক আগ্ৰহী আৰু সচেতন কৰি তোলে।
এই কৰ্মশালাৰ মূল উদ্দেশ্য আছিল শিক্ষাৰ্থীসকলক উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত ব্যৱহাৰিক অভিজ্ঞতা আৰু হাতে-কলমে প্ৰশিক্ষণ প্ৰদান কৰা। কৰ্মশালাত বেছিকছ অৱ CAD, স্মল CAD ডিজাইন ট্ৰেইনিং, 3D ডিজাইন প্ৰিণ্টিং, এক্সপ্ল’ৰাৰ কিটৰ পৰিচয়, হাতে-কলমে ৰ’বট নিৰ্মাণ, আৰু “Lab to Market: Bridging Innovation and Entrepreneurship” শীৰ্ষক বিশেষ অধিৱেশন অন্তৰ্ভুক্ত কৰা হয়। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ বহু শিক্ষাৰ্থীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ইউএছটিএমৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী ড° হৰি প্ৰসাদ জাইশীয়ে আদৰণি ভাষণ প্ৰদান কৰে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইউএছটিএমৰ মাননীয় উপাচাৰ্য প্ৰফে. জি. ডি. শৰ্মা। তেওঁ শিক্ষাৰ্থীসকলক উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত অধিক অনুসন্ধানী হ’বলৈ আৰু সমাজ তথা ৰাষ্ট্ৰ গঠনত উদ্ভাৱনী চিন্তাধাৰা গঢ়ি তুলিবলৈ উৎসাহিত কৰে। ইউএছটিএমৰ স্কুল অৱ টেকন’লজি এণ্ড মেনেজমেণ্টৰ ডীন তথা Centre for Innovation, Incubation and Entrepreneurship-ৰ সঞ্চালক প্ৰফে. অমিত চৌধুৰীয়েও অংশগ্ৰহণকাৰীসকলক সম্বোধন কৰে।
কাৰিকৰী অধিৱেশনসমূহ ইউএছটিএমৰ ৰ’বটিক্স ক্লাবৰ প্ৰশিক্ষকসকলে পৰিচালনা কৰে। অংশগ্ৰহণকাৰীসকলে CAD ডিজাইন, 3D প্ৰিণ্টিং আৰু ৰ’বট নিৰ্মাণৰ ক্ষেত্ৰত হাতে-কলমে প্ৰশিক্ষণ লাভ কৰে। লগতে ছকাৰ বট আৰু ৱাৰ বটৰ লাইভ ডেম’ প্ৰদৰ্শনে শিক্ষাৰ্থীসকলৰ মাজত বিশেষ উৎসাহৰ সৃষ্টি কৰে।
“Lab to Market: Bridging Innovation and Entrepreneurship” শীৰ্ষক বিশেষ অধিৱেশনত উদ্ভাৱনী চিন্তাক বাস্তৱমুখী সমাধান আৰু টেকসই উদ্যোগত ৰূপান্তৰ কৰাৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰা হয়। কৰ্মশালাখনে আধুনিক উদ্যোগ, গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত ৰ’বটিক্স, অট’মেচন, IoT আৰু ডিজাইন প্ৰযুক্তিৰ ক্রমবর্ধমান গুৰুত্ব সম্পৰ্কে সচেতনতা বৃদ্ধি কৰাত সফল হয়।
ইউনিভাৰ্চিটি অৱ চাইন্স এণ্ড টেকন’লজি মেঘালয় (ইউএছটিএম) সম্পৰ্কে
২০১১ চনত প্ৰতিষ্ঠিত University of Science and Technology Meghalaya উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথমখন বিজ্ঞান আৰু প্ৰযুক্তিভিত্তিক ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। ২০২১ চনত NAAC-ৰ প্ৰথম মূল্যায়ন চক্ৰত বিশ্ববিদ্যালয়খনে ‘A Grade’ স্বীকৃতি লাভ কৰে। ইউএছটিএমে শিক্ষা, গৱেষণা, উদ্ভাৱন আৰু সমাজমুখী কাৰ্যকলাপৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনৰ লগতে অন্তৰ্ভুক্তিমূলক, টেকসই আৰু আঞ্চলিক উন্নয়নৰ দিশত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

Releated Posts

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ

নাছাৰ পৰা অৱসৰ গ্ৰহণ মহাকাশচাৰী সুনীতা উইলিয়ামছৰ। ২৭ বছৰীয়া সেৱাৰ অন্তত মহাকাশ কেৰিয়াৰৰ পৰা ল’লে অৱসৰ। ৬০৮ দিন…

ByByMahesh Malakar Jan 21, 2026

অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১ প্ৰেৰণ মহাকাশলৈ

বিশ্বৰ দৰবাৰত অভিলেখ সৃষ্টি কৰি মহাকাশলৈ প্ৰেৰণ কৰা হ’ল অসমত নিৰ্মিত প্ৰথমটো কৃত্ৰিম উপগ্ৰহ লাচিত-১ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ…

ByByMahesh Malakar Jan 12, 2026

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh Malakar Dec 22, 2025

মাজত মাত্ৰ ২ দিন কঁপি উঠিব ৰাজ্যৰ আকাশ-বতাহ

আৰু মাজত মাত্ৰ ২ দিন কঁপি উঠিব ৰাজ্যৰ আকাশ-বতাহ ৰাজ্যৰ আকাশত উৰিব sukhoi Rafale, Mirage, tejas ৯ নৱেম্বৰত…

ByByMahesh Malakar Nov 7, 2025
Scroll to Top