- বিশ্বনাথৰ সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
- সভাত আদৰণী ভাষণ প্ৰদান কৰে গৌৰৱ গগৈয়ে।
- সভাত ভোটাৰ ৰাইজক উদ্দেশ্যি ৰাহুল গান্ধীৰ উদাত্ত ভাষণ।
- ভাষণৰ আৰম্ভণিতে সুঁৱৰিলে শংকৰদেৱ- জুবিন গাৰ্গক।
- সভাত ৰাহুলে ক’লে- এইখন অসম শংকৰদেৱ, আজান পীৰ, জুবিন গাৰ্গ, তৰুণ গগৈৰ ভূমি।
- জুবিন গাৰ্গে বিচাৰিছিল অসমখন এক হৈ থকাটো।
- জুবিন গাৰ্গে কেতিয়াও কাৰো মনত দিয়া নাছিল আঘাত।
- জুবিন গাৰ্গে কাৰোৰে জীৱনৰ বিৰুদ্ধে আঘাতহনা মন্তব্য নকৰিলে।
- এয়াই হৈছে অসমৰ সংস্কৃতি।
- মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যেতিয়াই মন কৰে তেতিয়াই মোডীৰ কেৰিয়াৰ ধ্বংস কৰি দিব পাৰে।
- আদানি- আম্বানিৰ কথা উলিয়াওতে লোকসভাৰ পৰা পলাইছিল নৰেন্দ্ৰ মোডী।
- মোডী- অমিত শ্বাহ দুয়ো ভ্ৰষ্টাচাৰী, কোনো সাৰি নাযায় এওলোক দৰে মানুহৰ অতপালিৰ পৰা।
- বিজেপিয়ে কৈছিল ৬টা জনগোষ্ঠীক এছ টিৰ মৰ্যাদা দিম, কিন্তু আজিলৈকে কৰিলে নে ?
- শ্ৰমিকসকলক উদ্দেশি তেওঁ কয়- ৩৫০টকাকৈ দৈনিক মজুৰি আপোনালোকক দিয়ে নে?
- আমি ইয়ালৈ মিছা প্ৰতিশ্ৰুতিৰে অহা নাই।
- আমি যি কওঁ, তাক কৰি দেখুৱাও, আমি ৬জনগোষ্ঠীৰ এছ টি মৰ্যাদা দিম বুলি আজি কথা দিলো।
- ৫টা সংকল্পলৈ আমি ইয়ালৈ আহিছো।
- মাহিলী প্ৰতিগৰাকী মহিলাক দিম আৰ্থিক সাহাৰ্য।
- ক্ষুদ্ৰ প্ৰকল্প খোলাৰ বাবে মহিলাক ৫০ হাজাৰকৈ দিয়া হ’ব এককালীন আৰ্থিক সাহাৰ্য।
- ১০ লাখ পৰিয়ালৰ একচনীয়া ভূমি আমি ম্যাদীকৰণ কৰিম আমি।












