শনিবাৰে যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ডচ কোম্পানী চাৰিআলিৰ পৰা গড়আলি হৈ বৰুৱা চাৰিআলিলৈ এক বৃহৎ ৰ’ড শ্ব সম্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।যোৰহাটত নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীয়ে আন কেইবাটাও বিষয়ত মন্তব্য কৰে । জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, “জুবিন গাৰ্গৰ সৈতে যিয়ে ৰাজনীতি কৰে সেয়া পাপ । এতিয়া নিতৌ আদালতৰ শুনানি চলি আছে । ১০ দিনৰ ভিতৰত ইতিবাচক ৰায় পাবলৈ সক্ষম হ’ম । শীঘ্ৰে চাৰ্জ ফ্ৰেম হ’বলৈ গৈ আছে । তেওঁলোকে (কংগ্ৰেছ) কৈছে ৩ মাহত ন্যায় দিব । মোৰ ন্যায় তাতকৈ আগতে হৈ যাব । জুবিনে জীয়াই থাকোতে কি কৈছিল ‘পলিটিক্স নকৰিবা বন্ধু’ । গৌৰৱ গগৈক গানটো শুনাই দিব লাগে ।”ৰাহুল গান্ধী এটা পগলা মানুহ । ৰাহুল গান্ধী এটা ক্ৰেকপট । কেতিয়াবা দাড়ি ৰাখে কেতিয়াবা কাটে, কেতিয়াবা ডাঙৰ ছাৰ্ট পিন্ধে কেতিয়াবা টি-ছাৰ্ট পিন্ধে । সম্পূৰ্ণ পাগল মানুহ এটা ।” যোৰহাটত নিৰ্বাচনী প্ৰচাৰৰ মাজত এই বিস্ফোৰক মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এনেদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী ।

ৰাহুল গান্ধী এটা ক্ৰেকপট সম্পূৰ্ণ পাগল মানুহ এটা
Releated Posts
৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া
বিধানসভা নিৰ্বাচনক লৈ শাসক, বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ আন সমষ্টিৰ দৰে গুৱাহাটীৰ ডিমৰীয়া…
‘জুবিন গাৰ্গৰ ন্যায়কলৈ ১০ দিনৰ ভিতৰত আহিব ইতিবাচক ৰায়’
‘জুবিন গাৰ্গৰ ন্যায়কলৈ ১০ দিনৰ ভিতৰত আহিব ইতিবাচক ৰায়’ মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা ‘কংগ্ৰেছৰ ১০০ দিন নালাগে তাৰ…
কুংকি চৌধুৰীৰ পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ
শনিবাৰে যোৰহাটত বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে । ডচ কোম্পানী চাৰিআলিৰ পৰা গড়আলি…











