• Home
  • অপৰাধনামা
  • ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম
Image

ৰৈ ৰৈ বিনালে” পাইৰেচী কৰি পানবজাৰ আৰক্ষী জালত লক্ষীপুৰৰ ৰফিকুল ইছলাম

হিয়াৰ আমঠু জুবিন গাৰ্গৰ সপোনৰ ছবি ‘ ৰৈ ৰৈ বিনালে‘ মুকলি হোৱাৰ দিনৰে পৰা কথাছবি খন চাবলৈ হললৈ হিলদল ভাঙি আহে ওলাই আহে ৰাইজ ৷ ইতিমধ্যে অসমীয়া ছবি জগতৰ এক নতুন দিগন্ত সূচনা কৰি বক্স অফিচৰ সকলো ৰেকৰ্ড ভাঙি দেশৰ বিভিন্ন চলচ্চিত্ৰ গৃহতো সগৌৰৱে চলি আছে।

ইয়াৰ মাজতে এচাম দুষ্ট চক্ৰৰ দৰ্শক ৰূপে চলচ্চিত্ৰ গৃহত প্ৰৱেশ কৰি চিনেমা খন ম’বাইলত ৰেকৰ্ডিং কৰি পাইৰেচী কৰি আহিছে ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে জুবিন ফেন ক্লাবৰ কঠোৰস্থিতিৰ বাবেই ইজনৰ পিছত সিজনকৈ গ্ৰেপ্তাৰ হৈছে পাইৰেচী কৰা লোক ৷

মহানগৰীৰ পানবজাৰ চাইবাৰ আৰক্ষীৰ জালত পৰে গোৱালপাৰাৰ লক্ষীপুৰৰ ৰফিকুল ইছলাম নামৰ ইউটিউবাৰ এজন ৷ যুৱকজনে ইউটিউবত আপলোড কৰিছিল “ৰৈ ৰৈ বিনালে” ৷ ইতিমধ্যে আটকাধীন যুৱকজনক পাণবজাৰ চাইবাৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন স্থানত “ৰৈ ৰৈ বিনালে’ পাইৰেচী হৈ থকাৰ সন্দৰ্ভত গোচৰ ৰজু কৰিছিল প্ৰযোজকে।

Releated Posts

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ

মাজনিশা কংগ্ৰেছ নেতা পৱন খেড়াৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মোৰ বিৰুদ্ধে উঠা অভিযোগ…

ByByMahesh Malakar Apr 6, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

কাইলৈ অন্ত পৰিব বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। বিয়লি ৫ বজাৰ পাছত সকলোৱে বন্ধ কৰিব লাগিব নিৰ্বাচনী প্ৰচাৰ। ভোটগ্ৰহণৰ…

ByByMahesh Malakar Apr 6, 2026

৩৪ নং ডিমৰীয়া বিধানসভা সমষ্টিত প্ৰতিশ্ৰুতিৰ বন্য়া 

বিধানসভা নিৰ্বাচনক লৈ শাসক, বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীৰো প্ৰচাৰ তুংগত উঠিছে । ৰাজ্যৰ আন সমষ্টিৰ দৰে গুৱাহাটীৰ ডিমৰীয়া…

ByByMahesh Malakar Apr 5, 2026
Scroll to Top