• Home
  • অসম
  • পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ
Image

পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ

২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পুৰ্বে বহু কেইজন কেন্দ্ৰীয় নেতা – মন্ত্ৰী অসমলৈ অহা পৰিলক্ষিত হৈছে। ইয়াৰ মাজতে বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ । প্ৰধানমন্ত্রী মোদী দুদিনীয়াকৈ আৰু অমিত শ্বাহে এদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব । প্ৰধানমন্ত্রীৰ অসম ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা অনুসৰি ১৩ মাৰ্চৰ দিনৰ ২ বজাত প্ৰধানমন্ত্রী মোদী  কোকৰাঝাৰত আহি উপস্থিত হ’ব ।

প্ৰধানমন্ত্রীয়ে বি টি চি চুক্তি অনুসৰি বাশবাৰীত হ’বলগীয়া ৰে’লৱে কোচ ৰিপেয়াৰিং ফেক্টৰীৰ আধাৰশিলা স্থাপন কৰিব । আনহাতে প্ৰধানমন্ত্রী মোদীয়ে ৰাজ্য চৰকাৰৰ ‘অসম মালা’ প্ৰকল্প আৰম্ভ কৰিব । প্ৰধানমন্ত্রীয়ে বি টি চিৰ বাবে গুৰুত্বপূৰ্ণ ছয়খন ডাঙৰ দলঙৰ আধাৰশিলা স্থাপন কৰিব । আনহাতে প্ৰধানমন্ত্রীয়ে সেইদিনাই তিনিখন নতুন ৰে’লসেৱা আৰম্ভ কৰিব । তদুপৰি ভাৰত চৰকাৰৰ ৰে’লৱেৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্রীমোদীয়ে।।

কোৰকাৰাঝাৰৰ কাৰ্যসূচী সামৰি সন্ধিয়া প্ৰধানমন্ত্রী গুৱাহাটীলৈ আহিব । প্ৰধানমন্ত্রীয়ে গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত উপস্থিত হৈ চাহ বাগিচাৰ শ্ৰমিকক পট্টা দিয়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব । আনহাতে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰি উলিওৱা ১৫০ মেগাৱাটৰ কপিলী হাইড্ৰ’ পাৱাৰ প্ৰকল্পটো প্ৰধানমন্ত্রীয়ে ৰ‍াইজৰ বাবে উছৰ্গা কৰিব । ১৪ মাৰ্চৰ পুৱা ১০:৩০ বজাত প্ৰধানমন্ত্রী মোদী শিলচৰত উপস্থিত হ’ব । শিলচৰত ২২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ হাইৱে প্ৰকল্পৰ আৰম্ভণি কৰিব প্ৰধানমন্ত্রীয়ে ।

১৫ মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ । সেইদিনা পুৱা ১০ বজাত অমিত শ্বাহে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব । ইয়াৰ পিছত ১১ বজাৰ পৰা বিজেপিয়ে আয়োজন কৰা যুৱ সংকল্প সমাৰোহত ভাগ ল’ব অমিত শ্বাহে।

Releated Posts

ডিব্ৰুগড়ৰ চাউলখোৱাত ভ*য়ং*কৰ গু*লী*চা*ল*নাৰ ঘটনা

ডিব্ৰুগড়ৰ চাউলখোৱাত ভয়ংকৰ গুলীচালনাৰ ঘটনা দিন-দুপৰতে কোনে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড? দুৰ্বৃত্তৰ গুলীত আহত এজন লোক গুলীবিদ্ধ লোকজন…

ByByMahesh Malakar Apr 11, 2026

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া

ৰাজ্যত আকৌ আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ হব ভোটগ্ৰহণ প্ৰক্ৰিয়া শ্ৰীভূমি জিলাত…

ByByMahesh Malakar Apr 11, 2026
Scroll to Top