• Home
  • দেশ
  • দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
Image

দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি পুৱা হিমালয়ান দেশ ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ পাৰো বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক উস্ম আদৰণি জনায় ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই ৷

ADVERTISEMENT
উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত মোদীয়ে ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু প্ৰধানমন্ত্ৰী টবগেৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব ৷ দুই চুবুৰীয়া দেশে একত্ৰিতভাৱে নিৰ্মাণ সম্পূৰ্ণ কৰা ১০২০ মেগাৱাট শক্তিৰ পুনাটছাংচু-দ্বিতীয় জলবিদ্যুৎ প্ৰকল্পটো মোদী আৰু ৰজা ৱাংচুকে যৌথভাৱে উদ্বোধন কৰিব ৷ প্রধানমন্ত্রী মোদীয়ে এই সময়ত ভূটানৰ চতুৰ্থ ৰজা জিগমে ৱাংচুকৰ ৭০ বছৰীয়া জন্মোৎসৱ অনুষ্ঠানতো অংশ ল’ব, যাক দেশৰ বাবে এটা ঐতিহাসিক ক্ষণ বুলি গণ্য কৰা হৈছে।

আনহাতে মোদীৰ এই ভ্ৰমণৰ সময়ত তেওঁ ভূটান চৰকাৰৰ দ্বাৰা আয়োজিত ‘গ্ল’বেল পীচ প্ৰেয়াৰ ফেষ্টিভেল’ত অংশগ্ৰহণ কৰিব, যিটো অনুষ্ঠান বিশ্ব শান্তি আৰু মানৱতাৰ উন্নতিৰ উদ্দেশ্যে আয়োজন কৰা হৈছে।

উল্লেখ্য যে ভূটানত উপস্থিত হোৱাৰ পিছতে দিল্লীত সংঘটিত হোৱা বোমা বিস্ফোৰণ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় আক্রমণকাৰীসকলক কোনোপধ্যেই ৰেহাই দিয়া নহ’ব ৷ সমগ্র দেশ ভুক্তভোগী পৰিয়াল সকলৰ কাষত আছে ৷ আমি এই আক্ৰমণৰ আঁৰৰ শিপা উঘালি পেলাম৷ আমাৰ চোৰাংচোৱা আৰু ঘটনা তদন্তকাৰী সংস্থাই এই আক্ৰমণৰ অনুসন্ধান কৰি আছে৷ আনকি মই কালি দিল্লীত থকা সময়ত ওৰে নিশা ঘটনাৰ বুজ লৈ আছিলোঁ ৷ তদনঁ সকলো সংস্থাই ষড়যন্ত্ৰৰ গভীৰতালৈ যাব আৰু দোষীক সকলোৰে কাষলৈ আনিব। তেওঁ উল্লেখ কৰে যে তেওঁ ভুক্তভোগীৰ দুখ বুজি পায় ৷প্রতিজন দোষীক কঠোৰ শাস্তি বিহা হ’ব ৷ তেওঁলোক সাৰি বা লুকাই সাৰিব নোৱাৰিব ৷

মই আজি ইয়ালৈ আহিছো যদিও অত্যন্ত অতি দুখী হৃদয় লৈ ৷ উল্লেখ্য যে বুধবাৰে ভূটান ভ্রমণ সামৰি দিল্লীলৈ উভতি অহাৰ পিছতে এক জৰুৰী কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । দেশৰ নিৰাপত্তা সন্দর্ভতো হ’ব আলোচনা আৰু কেতবোৰ কঠোৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে এঘাৰ বছৰত চতুৰ্থবাৰৰ বাবে ভূটান ভ্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ ৷

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা…

ByByMahesh MalakarDec 14, 2025
Scroll to Top